সাৱধান ! ফোনত কথা পাতি গাড়ী চলালে ভৰিব লাগিব ১০ হাজাৰ টকা…

সাৱধান ! ফোনত কথা পাতি গাড়ী চলালে ভৰিব লাগিব ১০ হাজাৰ টকা…

July 31, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- গাড়ী চলোৱাত সাৱধান হওক ।

ফোনত কথা পাতি গাড়ী চলালে ভৰিব লাগিব ১০ হাজাৰ টকাৰ জৰিমনা ।

Image

সাধাৰণতে দেখিবলৈ পোৱা যায় যে, বহুতেই গাড়ী চলোৱাৰ সময়ত ফোন কথা পাতে । যাৰ ফলত বহু পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ বহু উদাহৰণ আছে ।

এনে পথ দুৰ্ঘটনাৰ ঘটনা ৰোধ কৰাৰ বাবে শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ চৰকাৰে গ্ৰহণ কৰিছে কেতবোৰ কঠোৰ সিদ্ধান্ত ।

নতুন নিয়ম অনুসৰি যি সকল চালকে গাড়ী চলোৱাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰিব তেওঁলোকক ১০,০০০ টকাৰ জৰিমনা বিহা হ’ব ।

উল্লেখ্য যে, পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবেই চৰকাৰে এনে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ।