অসম

১৪ জন অভিযুক্তৰ নাম উল্লেখেৰে অনিমেষ ভূঞা হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল আৰক্ষীৰ…

১৪ জন অভিযুক্তৰ নাম উল্লেখেৰে অনিমেষ ভূঞা হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল যোৰহাট আৰক্ষীৰ।

চাৰ্জশ্বীটত যোৰহাট আৰক্ষীয়ে ইতিমধ্যে মৃত্যু হোৱা মূল অভিযুক্ত নীৰজ দাস ওৰফে কলা ল’ৰাকে ধৰি মুঠ ১৪ জন ব্যক্তিৰ নাম সন্নিবিষ্ট কৰে।

যোৰহাট চহৰৰ মাজ-মজিয়াত দিনৰ পোহৰতে ২০২১ বৰ্ষৰ ২৯ নৱেম্বৰত অনিমেষ ভূঞাক একাংশ উন্মত্ত লোকে বৰ্বৰভাৱে হত্যা কৰিছিল।

এই লোমহৰ্ষক হত্যাকাণ্ডৰ পাছতে ৩০ নৱেম্বৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দ্ৰুত বিচাৰ প্ৰক্ৰিয়াৰ বাবে আৰক্ষীক মাত্ৰ ৩০ দিনৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰাৰ বাবে নিৰ্দেশ দিছিল।

প্ৰতিশ্ৰুতি অনুসৰি যোৰহাট আৰক্ষীয়ে অনিমেষ ভূঞা হত্যাকাণ্ডৰ ৫০ দিনৰ ভিতৰত ১৪ জন অভিযুক্তক সামৰি(এজনৰ ইতিমধ্যে মৃত্যু হৈছে আৰু এজন শিশু) শ্বাৰ্জশ্বীট দাখিল কৰিছে।

যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাট আৰক্ষীক ঘটনাৰ ৩০ দিনৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰাৰ বাবে নিৰ্দেশ দিছিল কিন্তু প্ৰত্যক্ষদৰ্শীয়ে আৰক্ষীৰ সৈতে সহযোগ নকৰাৰ বাবে চাৰ্জশ্বীট দাখিল কৰাত কিছু পলম হয় যোৰহাট আৰক্ষীৰ।

যোৰহাট আৰক্ষীয়ে প্ৰত্যক্ষদৰ্শী সকলক সাক্ষী দিয়াৰ বাবে আহ্বান জনোৱাৰ পাছতহে চাৰ্জশ্বীট দাখিল কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *