অসমীয়াৰাষ্ট্ৰীয়

শোকাবহ! তীব্ৰ বেগৰ বাবে দুখন বাহনৰ মুখামুখি সংঘৰ্ষ, থিতাতে মৃত্যু ২ যুৱকৰ…

নিউজ ডেস্কঃ তীব্ৰ বেগৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই দুখন বাহনৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষত প্ৰাণ হেৰুৱায় দুজন যুৱকে।

এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ শিলিগুৰিৰ নক্সালবাৰীৰ বেংগাইজটস্থিত এছিয়ান হাইৱে’-২ত।

অল্ট’ আৰু স্কৰপিঅ’ বাহনৰ মাজত সংঘটিত দুৰ্ঘটনাত অল্ট’ বাহনখনত থকা দুয়োজন যাত্ৰীৰ থিতাতে মৃত্যু ঘটে।

image 96

নিহত যুৱক দুজনক বিহাৰৰ বাসিন্দা মহম্মদ ইক্ৰান (২২) আৰু মহম্মদ মুদ্দাছিৰ (২৩) বুলি চিনাক্ত কৰা হৈছে।

image 99

জানিব পৰা মতে, যুৱক দুজনে বিহাৰৰ পৰা শিলিগুৰিলৈ আহি থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।

image 97

ইফালে দুৰ্ঘটনাৰ পিছতে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক হাস্পতাললৈ প্ৰেৰণ কৰে।

image 98

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।