শোকাবহ! তীব্ৰ বেগৰ বাবে দুখন বাহনৰ মুখামুখি সংঘৰ্ষ, থিতাতে মৃত্যু ২ যুৱকৰ…

নিউজ ডেস্কঃ তীব্ৰ বেগৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই দুখন বাহনৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষত প্ৰাণ হেৰুৱায় দুজন যুৱকে।

এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ শিলিগুৰিৰ নক্সালবাৰীৰ বেংগাইজটস্থিত এছিয়ান হাইৱে’-২ত।

অল্ট’ আৰু স্কৰপিঅ’ বাহনৰ মাজত সংঘটিত দুৰ্ঘটনাত অল্ট’ বাহনখনত থকা দুয়োজন যাত্ৰীৰ থিতাতে মৃত্যু ঘটে।

image 96
শোকাবহ! তীব্ৰ বেগৰ বাবে দুখন বাহনৰ মুখামুখি সংঘৰ্ষ, থিতাতে মৃত্যু ২ যুৱকৰ… 5

নিহত যুৱক দুজনক বিহাৰৰ বাসিন্দা মহম্মদ ইক্ৰান (২২) আৰু মহম্মদ মুদ্দাছিৰ (২৩) বুলি চিনাক্ত কৰা হৈছে।

image 99
শোকাবহ! তীব্ৰ বেগৰ বাবে দুখন বাহনৰ মুখামুখি সংঘৰ্ষ, থিতাতে মৃত্যু ২ যুৱকৰ… 6

জানিব পৰা মতে, যুৱক দুজনে বিহাৰৰ পৰা শিলিগুৰিলৈ আহি থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।

image 97
শোকাবহ! তীব্ৰ বেগৰ বাবে দুখন বাহনৰ মুখামুখি সংঘৰ্ষ, থিতাতে মৃত্যু ২ যুৱকৰ… 7

ইফালে দুৰ্ঘটনাৰ পিছতে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক হাস্পতাললৈ প্ৰেৰণ কৰে।

image 98
শোকাবহ! তীব্ৰ বেগৰ বাবে দুখন বাহনৰ মুখামুখি সংঘৰ্ষ, থিতাতে মৃত্যু ২ যুৱকৰ… 8

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।