মৰ্মান্তিক! দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে ৫ বন্ধু বিবেক, সমীৰ, বিকাশ, সন্দীপ আৰু সঞ্জয়ে…

এক অতি মৰ্মান্তিক পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে ৫ গৰাকীকৈ বন্ধুৱে।

ট্ৰাক আৰু হুণ্ডাই অ’ৰা বাহনৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ৫ জনকৈ লোক।

কলিয়াবৰৰ হাতীয়েখোৱাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

নিহত যুৱককেইজন বিবেক দাস, সমীৰ পাল, বিকাশ শৰ্মা, সন্দীপ কুমাৰ পাল আৰু সঞ্জয় দাস।

নিহত যুৱককেইজনৰ ঘৰ গোলাঘাট জিলাৰ বোকাখাতত বুলি জানিব পৰা গৈছে।

সোমবাৰে নিশা তেজপুৰৰ ৭১৫ (ক) নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

কলিয়াবৰ তিনিআলিৰ পৰা তেজপুৰৰ অভিমুখী UP 37 AT2766 নম্বৰৰ এখন ট্ৰাক আৰু AS 05Q 2683 নম্বৰৰ হুণ্ডাই আওৰা বাহনৰ সৈতে মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘনাটো সংঘটিত হয়।

ফলত গাড়ীখনত থকা ৫ জন যুৱক থিতাতে নিহত হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ট্ৰাকখনৰ চালকসহ হেণ্ডিমেন পলায়ন কৰা বুলি জানিব পৰা হৈছে।

ইফালে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।