মৰ্মান্তিক! তীব্ৰবেগী বালি ভৰ্তি ডাম্পাৰৰ খুন্দাত নিহত চাইকেল আৰােহী সপ্তম শ্ৰেণীৰ ছাত্ৰী

নিউজ ডেস্ক। অসম চৰকাৰৰ কঠােৰ স্থিতি সত্বেও ৰাজ্যৰ বিভিন্ন অঞ্চলত পূৰ্বৰ দৰেই চলি আছে শিল, বালি, কাঠৰ চােৰাং বেহা।

সংশ্লিষ্ট কৰ্তৃপক্ষক মেনেজ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে ৰাজহ ফাঁকিৰ লগতে জনসাধাৰণৰ জীৱন বিপন্ন কৰি অব্যাহত ৰাখিছে এই চােৰাং বেহা।

শিল, বালি কঢ়িওৱা অভাৰলােড ট্ৰাক-ডাম্পাৰৰ বাবে ৰাজ্যত নিতৌ সংঘটিত হৈছে বহু পথ দুৰ্ঘটনা।

তেনে এক পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীয়ে।

photo-2022-01-22-12-48-35

বালি কঢ়িওৱা ডাম্পাৰে মহটিয়াই নিয়ে স্কুলৰ পৰা ঘৰ অভিমুখী চাইকেল আৰােহী ছাত্ৰীগৰাকীক।

এই শােকাৱহ ঘটনাৰ স্থান ডিব্ৰুগড় জিলাৰ টেঙাখাতৰ ভেৰেকীবাম।

জানিব পৰা মতে, বৃহস্পতিবাৰে বিয়লি প্ৰায় ৩ বজাত হাতীবন্ধা মজলীয়া বিদ্যালয়ৰ ছাত্ৰী চুবাৰা বেগমে (১৩) বিদ্যালয়ৰ ছুটীৰ পাছত চাইকেলেৰে ঘৰলৈ আহি থাকোঁতে টেঙাখাতৰ কলাগড়া ঘাটৰৰা বালি কঢ়িয়াই অনা এ এছ ০৭ বি চি ৩৫২৯ নম্বৰৰ এখন ডাম্পাৰে খুন্দিওৱাৰ ফলত ছাত্ৰীগৰাকী থিতাতে নিহত হয়।

ঘটনা সংঘটিত কৰিয়েই ডাম্পাৰখনৰ চালকজন ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয়।

G3

আনহাতে, ছাত্ৰীগৰাকীৰ এনে অকাল মৃত্যুত ক্ষােভিত অঞ্চলটোৰ লোকসকলে পৰিৱেশ উত্তাল কৰি তোলে।

ইফালে, ঘটনাস্থলীৰপৰা দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি শুকুৰবাৰে পুৱা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে টেঙাখাত থানাত গোচৰ ৰুজু কৰি ডাম্পাৰখনৰ চালক প্ৰণৱ সোণোৱাল ওৰফে জগুক জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰিছে।

সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ ডাম্পাৰৰ খুন্দাত মৃত্যু হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

অভিযােগ অনুসৰি, ডিব্ৰুগড়ৰ বন সংমণ্ডলৰ অধীনৰ কূলাগড়া অঞ্চলত নিতৌ অবৈধভাৱে বালিৰ অবাধ খনন চলি থকাৰ পাছতো বন বিভাগ তথা আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই।

আনকি এই অবৈধ বালি খননৰ ঠাইৰ পৰা নিতৌ শ শ ডাম্পাৰে বালি চুৰি কৰি তীব্ৰবেগত সদাব্যস্ত টেঙাখাত অঞ্চলত আতংকৰ সৃষ্টি কৰি আহিছে।

লগতে চাওকঃ

কলেজীয়া ছাত্ৰীৰ অপহৰণ-মুক্তিপণ দাবী! পৰিয়ালত হাহাকাৰ

G7

কাৰাগাৰৰ কুঠৰীত ‘যন্ত্ৰ আৰু যন্ত্ৰণা’ লিখিব উদ্ধৱ ভৰালীয়ে, ক’লে- মই ষড়যন্ত্ৰৰ বলি হৈছোঁ…

G4

Leave a Comment