মৰ্মান্তিক! ঘৰত মাটি খান্দােতে বিস্ফােৰিত হ’ল দ্বিতীয় বিশ্বযুদ্ধৰ বোমা, নিহত দুই ভাতৃ

নিউজ ডেস্ক। এক ভয়ংকৰ বিস্ফোৰণৰ ঘটনা। ঘৰত মাটি খনন কৰি থকা অৱস্থাত উদ্ধাৰ হ’ল বোমা।

উদ্ধাৰ হোৱা বোমা হঠাতে বিস্ফোৰিত হোৱাত নিহত হয় দুজন লোক। দুয়োজন আছিল ভাতৃ।

এই ঘটনা বুধবাৰে সংঘটিত হয় মণিপুৰৰ সীমান্তৱৰ্তী চহৰ মৰেহৰ লাংখিচোই গাঁৱৰ ৯ নং ৱাৰ্ডত।

বিস্ফোৰিত হোৱা বোমা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ বুলি ধাৰণা কৰা হৈছে।

নিহত দুয়োজনক লিয়েনখোগিন গাংটে (২২) আৰু লালচাংমুন গাংটে (২৪) বুলি জানিব পৰা যায়।

জানিব পৰা মতে, দুই ভাতৃয়ে বুধবাৰে আবেলি প্ৰায় ৪ বজাত মাটি খনন কৰি আছিল।

সেই সময়ত তেওঁলোকে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ বোমা লাভ কৰিছিল। কিন্তু হঠাতে বোমা বিস্ফোৰিত হৈ পৰে, যাৰ ফলত দুয়োজন ভাতৃ থিতাতে নিহত হয়।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও সেই অঞ্চলত বহুতো বোমা উদ্ধাৰ কৰা হৈছিল। ২০২০ চনৰ নৱেম্বৰত ম্যানমাৰৰ সীমান্তৱৰ্তী মণিপুৰৰ মৰেহ চহৰত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ বুলি বিশ্বাস কৰা কমেও ১২২ টা বোমা পোৱা গৈছিল।

ইয়াৰোপৰি ২০২০ চনৰ জুন মাহত মণিপুৰৰ চুৰাচান্দপুৰ জিলাত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ দুটা মৰ্টাৰ শ্বেল পোৱা গৈছিল। যিবোৰ নিয়ন্ত্ৰিত বিস্ফোৰণৰ জৰিয়তে নিষ্ক্ৰিয় কৰা হৈছিল।

Leave a Comment