ৰাষ্ট্ৰীয়অসমীয়া

উচ্চতা ৮ ফুট ২ ইঞ্চি! সমাজবাদী পাৰ্টীত যােগদান কৰি দেশৰ আটাইতকৈ ওখ ৰাজনীতিক হ’ল এইজন ব্যক্তি…

নিউজ ডেস্ক। ভাৰতৰ আটাইতকৈ ওখ ব্যক্তি ধৰ্মেন্দ্ৰ প্ৰতাপ সিঙে আৰম্ভ কৰিছে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ।

সমাগত উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ভাৰতৰ আটাইতকৈ ওখ ব্যক্তিৰ খিতাপ লাভ কৰা ধৰ্মেন্দ্ৰ প্ৰতাপে যোগ দিয়ে সমাজবাদী পাৰ্টীত।

দলৰ নীতি আদৰ্শৰ প্ৰতি প্ৰভাৱিত হৈ ধৰ্মেন্দ্ৰ প্ৰতাপ সিঙে দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অখিলেশ সিং যাদৱ আৰু আন আন জ্যেষ্ঠ নেতাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে যোগ দিয়ে সমাজবাদী পাৰ্টিত।

FJt9r-Cza-UAki-EAU

উল্লেখ্য যে, কোভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ভাৰ্চুৱেল নিৰ্বাচনী প্ৰচাৰতহে অনুমতি প্ৰদান কৰিছে নিৰ্বাচন আয়োগে। তেনে পৰিপ্ৰেক্ষিতত প্ৰতিটো ৰাজনৈতিক দলেই ন ন কৌশল অৱলম্বন কৰি জনপ্ৰিয়তা আৰু প্ৰচাৰ লাভৰ চেষ্টা চলাইছে।

এনে সময়তে ভাৰতৰ আটাইতকৈ ওখ ব্যক্তি ধৰ্মেন্দ্ৰ প্ৰতাপক নিজৰ দলত যোগদান কৰোৱাই সামাজিক মাধ্যমত বেছ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে সমাজবাদী পাৰ্টীয়েও।

প্ৰণিধানযোগ্য যে, ৪৬ বছৰীয়া ধৰ্মেন্দ্ৰ প্ৰতাপ সিঙৰ উচ্চতা হৈছে ৮ ফুট ২ ইঞ্চি। বিশ্বৰ আটাইতকৈ ওখ ব্যক্তিজনতকৈ মাত্ৰ ১১ ছেন্টিমিটাৰ চাপৰ ধৰ্মেন্দ্ৰ প্ৰতাপ।

মিৰাটৰ নিবাসী ধৰ্মেন্দ্ৰ প্ৰতাপৰ বাবে তেওঁৰ উচ্চতা যিমান বেছি আশীৰ্বাদ, তাতকৈ বেছি অভিশাপ। এক সাক্ষাৎকাৰত তেওঁ সদৰী কৰা মতে, দেহৰ উচ্চতাৰ বাবেই তেওঁ সংস্থাপন আৰু জীৱন সংগী বিচাৰি পোৱাত তীব্ৰ অসুবিধাৰ সন্মুখীন হৈছে।

বৰ্তমান তেওঁ এগৰাকী বিনোদন কৰ্মী হিচাপে কাম কৰি জীৱন নিৰ্বাহ কৰি আছে। তেওঁৰ সৈতে ফটো উঠিবলৈ মানুহে নূন্যতম কিবা অলপ টকা দিয়ে। সেয়াই হৈছে তেওঁৰ জীৱিকাৰ মূল আধাৰ। অতি ওখ হোৱাৰ বাবে তেওঁ খোজ কঢ়াটো অসুবিধাৰ সন্মুখীন হয়।

আনহাতে সমাজবাদী পাৰ্টিত যোগদান কৰি ধৰ্মেন্দ্ৰ প্ৰধানে আৰম্ভ কৰিছে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ। যোগদানৰ সময়ত তেওঁ সমাজবাদী পাৰ্টিৰ অধ্যক্ষ অখিলেশ যাদৱ, ৰাজ্যিক সভাপতি নৰেশ উত্তম পেটেলৰ লগতে আন সকলৰ সৈতে উঠা এখন ফটো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

এই ফটোখনত সকলোৰে মাজত থিয় হৈ থকা ধৰ্মেন্দ্ৰ প্ৰতাপৰ সৈতে বাকী সকলক কেঁচুৱা কেঁচুৱা লগা হৈছে বুলি মন্তব্য কৰিছে অনেকে।

লগতে চাওকঃ

কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি বাংলাদেশী গাে মাফিয়াৰ অনুপ্ৰৱেশ, গৰুৰ চােৰাং বেহা!

G1

Leave a Reply

Your email address will not be published. Required fields are marked *