নিউজ ডেস্ক। শুকুৰবাৰে সমগ্ৰ ৰাজ্যজুৰি উদযাপন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ তম আৱিৰ্ভাৱ তিথি।
এই উপলক্ষে হৰিনাম কীৰ্তনেৰে মুখৰিত হৈ পৰে কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ ৰামপুৰ স্থিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰামপুৰ প্ৰাথমিক শাখাৰ নামঘৰ প্ৰাংগণ।
এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি নামঘৰ প্ৰাংগণত নিৰ্মাণ কৰি উলিওৱা আটকধুনীয়া ৰান্ধনিঘৰৰ দুৱাৰ মুকলি কৰা হয়।
ৰামপুৰ প্ৰাথমিকৰ প্ৰাক্তন সভাপতি প্ৰয়াত হৰিকান্ত কলিতাৰ সহধৰ্মিণী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মালতী কলিতাই এই নৱনিৰ্মিত ৰান্ধনিঘৰৰ দুৱাৰ মুকলি কৰে।
উল্লেখ্য যে প্ৰয়াত হৰিকান্ত কলিতাৰ পৰিয়ালে এই ৰান্ধনিঘৰৰ নামঘৰৰ সুবিধাৰ্থে প্ৰদান কৰিছে।
ইয়াৰ পাছতে শতাধিক লােকৰ উপস্থিতিত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অঞ্চলটােৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত হৰিকান্ত কলিতাৰ সােঁৱৰণৰত ‘জীৱন আৰু কৰ্ম’ শীৰ্ষক গ্ৰন্থ উন্মােচন কৰে তেওঁৰ সহধৰ্মিণী মালতী কলিতাই।
গ্ৰন্থ উন্মােচনী সভাত প্ৰয়াত হৰিকান্ত কলিতা তথা উন্মােচক মালতী কলিতাৰ কনিষ্ঠ পুত্ৰ তথা ভাৰতীয় সেনাৰ মেজৰ জেনেৰেল তথা এনচিচিৰ উত্তৰ পূব মণ্ডলৰ মুৰব্বী ভাস্কৰ কলিতা, ৰামপুৰ প্ৰাথমিকৰ সভাপতি সতীশ চৌধুৰী, সম্পাদক ধীৰেন্দ্ৰ নাৰায়ণ ভূঞা, প্ৰয়াত হৰিকান্ত কলিতাৰ কনিষ্ঠ ভাতৃদ্বয় ধীৰেন চন্দ্ৰ কলিতা আৰু দিনবন্ধু কলিতা, হিমাংশু কলিতা, নীতু কলিতা, নমিতা কলিতাকে ধৰি পৰিয়ালৰ কেবাজনো সদস্য, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অৰুণা কলিতাকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি, ৰামপুৰ প্ৰাথমিক শাখাৰ সম্পাদক মণ্টু কলিতাকে ধৰি শাখাৰ বহু কৰ্মকর্তা উপস্থিত থাকে।
সাংবাদিকৰে হােৱা সাক্ষাৎকাৰত দাতা পৰিয়ালৰ মুৰব্বী মালতী কলিতাই ৰামপুৰ প্ৰাথমিকৰ নামঘৰ স্থাপনৰ ক্ষেত্ৰত প্ৰয়াত হৰিকান্ত কলিতাৰ ত্যাগ তথা অৱদানৰ কথা এইদৰে উল্লেখ কৰে।
হৰিকান্ত কলিতাৰ জীৱনাদৰ্শৰ ওপৰত চমুকৈ আলোকপাত কৰি মৃত্যু পৰ্যন্ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদর্শৰে কিদৰে এখন শ্ৰেণীহীন সমাজ গঠনৰ হকে নিজকে আত্মনিয়োগ কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উত্তৰণত দেহে কেহে লাগিছিল তাৰ উদাহৰণ দাঙি ধৰে।
অঞ্চলটোৰ ৰাইজে গুৰুজয়ন্তীৰ পবিত্ৰ দিনটোত এনে মহান কৰ্ম কৰা বাবে মালতী কলিতা, পুত্ৰ তথা ভাৰতীয় সেনাৰ মেজৰ জেনেৰেল ভাস্কৰ কলিতাকে ধৰি পৰিয়ালটোৰ শলাগ লৈছে ।