বংগােপ সাগৰত ঘূৰ্ণী বতাহৰ সতৰ্কবাণী ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

নিউজ ডেস্ক। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী।

বিভাগীয় তথ্য অনুসৰি, ২৯-৩০ নৱেম্বৰৰ আশে পাশে দক্ষিণ আন্দামান সাগৰ আৰু বংগোপসাগৰত এক নিম্ন চাপৰ এলেকা সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

এই নিম্নচাপ ডিচেম্বৰৰ প্ৰথম সপ্তাহত এক ঘূৰ্ণীবতাহ প্ৰণালীত পৰিণত হ’ব পাৰে। যাৰ ফলত অন্ধ্ৰ প্ৰদেশ, উৰিষ্যা আৰু পশ্চিম বংগত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে।

এই সন্দৰ্ভত বতৰ বিজ্ঞানী সৌৰীশ বন্দোপাধ্যায়ে কয় “দক্ষিণ আন্দামান সাগৰত এক নিম্নচাপ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। যাৰ ফলত পাঁচ দিনৰ পিছত কলকাতা আৰু উপকূলীয় বংগত তাপমাত্ৰা বৃদ্ধি পাইছে। প্ৰণালী গঠনৰ ওপৰত নিৰ্ভৰ কৰি এই প্ৰণালীটো ঘূৰ্ণীবতাহত পৰিণত হ’ব পাৰে।”

বিভাগৰ সূত্ৰ অনুসৰি, সম্ভাব্য নিম্ন-চাপ প্ৰণালীটো অধিক চিহ্নিত হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ গঠনৰ ৪৮ ঘণ্টাৰ ভিতৰত পশ্চিম আৰু উত্তৰ-পশ্চিম দিশে গতি কৰাৰ সম্ভাৱনা আছে।

ফলস্বৰূপে ৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত বিচ্ছিন্নভাৱে ধাৰাষাৰ বৰষুণ হোৱাৰ আগজাননি দিয়া হৈছে।

বিভাগে টুইট কৰি কয়, “২৯ নৱেম্বৰত দক্ষিণ আন্দামান সাগৰৰ ওপৰত, ৩০ নৱেম্বৰত দক্ষিণ আন্দামান সাগৰ আৰু ইয়াৰ কাষৰীয়া দক্ষিণ-পূব বংগোপসাগৰৰ ওপৰেৰে আৰু ১ ডিচেম্বৰত পূব কেন্দ্ৰীয় বংগোপসাগৰ আৰু আন্দামান সাগৰৰ ওচৰত সৰ্বাধিক ধাৰাবাহিক বতাহৰ গতি বেগ ৪০-৫০ কিলোমিটাৰ লৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।”

উল্লেখ্য যে বংগোপসাগৰত এই বছৰ অক্টোবৰ আৰু নৱেম্বৰত কোনো ঘূৰ্ণীবতাহ দেখা পোৱা হোৱা নাছিল। যিবোৰ সাধাৰণতে অঞ্চলটোত ঘূৰ্ণীবতাহৰ শীৰ্ষ মাহ।

Leave a Comment