শােকাৱহ! গাৰ পৰা মাহ-হালধিৰ গোন্ধ নৌযাওঁতেই দুৰ্ঘটনাত প্ৰাণ গ’ল কণিকাৰ

নিউজ ডেস্ক। বাক্সাৰ শালবাৰীৰ শােকাৱহ পথ দুৰ্ঘটনা।

দুখন বাহনৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল সদ্য বিবাহিত এবছু নেত্ৰী কণিকা বড়ােৰ।

image 66
শােকাৱহ! গাৰ পৰা মাহ-হালধিৰ গোন্ধ নৌযাওঁতেই দুৰ্ঘটনাত প্ৰাণ গ’ল কণিকাৰ 4

জানিব পৰা মতে, দেওবাৰে সন্ধিয়া প্রায় ৬.২৫ বজাত শালবাৰীৰ ৰঙাপানী এলেকাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।

বাক্সাৰ ৰান্ধনীপাৰা গাঁৱৰ হাংগামা বড়ো নামৰ এবছু নেতাৰ সৈতে অলপতে বিবাহপাশত আবদ্ধ হৈছিল কণিকা বড়ো (৩০)।

পত্নীৰ সৈতে শিমলাৰ পৰা নিজ ঘৰলৈ মাৰুতি কে-১੦ কাৰ (এএছ-০১ ডিৱাই ৫২৯৫) এখনেৰে আহি থকা অৱস্থাত ৰাঙাপানী গাঁৱত উত্তৰ দিশৰ পৰা আহি থকা বৰঘাগ্রা গাঁৱৰ চিলাম বড়োৰ মাৰুতি এছপেছো (এ এছ-১৫ এছ-৩০৬৮) কাৰখনৰ মুখামুখি সংঘৰ্ষত পতিত হয়।

এই দুৰ্ঘটনাৰ ফলত চালক হাংগামা বড়ো, পত্নী কণিকা বড়ো আৰু চিলাম বড়ো গুৰুতৰভাৱে আহত হয়।

image 64
শােকাৱহ! গাৰ পৰা মাহ-হালধিৰ গোন্ধ নৌযাওঁতেই দুৰ্ঘটনাত প্ৰাণ গ’ল কণিকাৰ 5

স্থানীয় ৰাইজে ঘটনাস্থলীৰ পৰা আহত আটাইকেইজনকে ১০৮ এম্বুলেন্সেৰে পাঠশালা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

পাঠশালাত চিকিৎসকে গুৰুতৰভাৱে আহত কণিকা বড়োৰ চিকিৎসালয়লৈ অনাৰ পথত মৃত্যু হোৱা বুলি ঘোষণা কৰে।

গুৰুতৰভাৱে আহত হাংগামা বড়ো বাক্সা জিলা এবছুৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

স্থানীয় ৰাইজে অভিযোগ কৰা মতে মাৰুতি এছপ্রেছোখনৰ চালকজন সুৰাসক্ত অৱস্থাত আছিল। উত্তেজিত ৰাইজে মাৰুতি এছপ্ৰেছোখনক অগ্নিসংযোগ কৰে।

image 65
শােকাৱহ! গাৰ পৰা মাহ-হালধিৰ গোন্ধ নৌযাওঁতেই দুৰ্ঘটনাত প্ৰাণ গ’ল কণিকাৰ 6

কণিকা বড়ােৰ এনে অকাল বিয়ােগত গভীৰ শােক প্ৰকাশ কৰিছে বিটিআৰৰ মুৰব্বী প্ৰমােদ বড়ােৱে।

উল্লেখ্য যে কণিকা বড়াে নিখিল বড়াে ছাত্ৰ সন্থা চমুকৈ এবছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাংস্কৃতিক সম্পাদিকাৰ ৰূপতাে কাৰ্যনিৰ্বাহ কৰিছিল।