ঘোচ লৈ গ্ৰেপ্তাৰ হোৱা গৃহ আৰু ৰাজনৈতিক বিভাগৰ যুটীয়া সচিব কিষাণ কুমাৰ শৰ্মাৰ জামিন মঞ্জুৰ! গোচৰ চলোৱাৰো অনুমতি নাই আৰক্ষীৰ…

নিউজ ডেস্কঃ এফালে ঘোচ লোৱা চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ নিৰ্দেশ, আনফালে দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে গোচৰ নচলাবলৈও আৰক্ষীক নিৰ্দেশ অসম চৰকাৰৰ!

অসম চৰকাৰৰ এনে দুমুখীয়া স্থিতিৰ মাজতে পুনৰ জামিন লাভ কৰি মুকলি আকাশৰ তললৈ ওলাই আহিল প্ৰায় দুমাহ পূৰ্বে ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হোৱা এজন দুৰ্নীতিগ্ৰস্ত বিষয়া।

বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ যুটীয়া সচিব কিষাণ কুমাৰ শৰ্মাৰ।

উল্লেখ্য যে, যোৱা ২৮ অক্টোবৰৰ নিশা ঘোচ লোৱাৰ সময়ত দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰিছিল কিষাণ কুমাৰ শৰ্মাক।

চিকিউৰিটি ফাৰ্মৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ নামত ৯৮ হাজাৰ টকাৰ উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ হৈছিল এইজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া।

আনহাতে কিষাণ কুমাৰ শৰ্মাৰ বাসগৃহৰ পৰা ভিজিলেন্সে উদ্ধাৰ কৰিছিল ৪৯.২৪ লাখ টকা নগদ ধন।

কিন্তু গ্ৰেপ্তাৰৰ প্ৰায় ২ মাহৰ পিছতে জামিন লাভ কৰিবলৈ সক্ষম হয় কিষাণ কুমাৰ শৰ্মাই।

ইফালে এইজন দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে গোচৰ চলোৱাৰো অনুমতি দিছপুৰে প্ৰদান কৰা নাই বুলি জানিব পৰা গৈছে।