ৰাষ্ট্ৰীয়অসমঅসমীয়া

গুৱাহাটী অভিমুখী যাত্ৰীবাহী ৰে’ল জলপাইগুড়িত দুৰ্ঘটনাগ্ৰস্ত, ৫ যাত্ৰীৰ মৃত্যু

নিউজ ডেস্ক। উৰুকাৰ দিনাই পশ্চিম বংগত ভয়ংকৰ দুৰ্ঘটনাত পতিত হ’ল গুৱাহাটী অভিমুখী যাত্ৰীবাহী ৰে’ল।

FI-42dta-IAEu3m-W

পশ্চিম বংগৰ জলপাইগুড়িৰ সমীপৱৰ্তী মাইনাগুড়িত বৃহস্পতিবাৰে বিয়লি লাইনচ্যুত হ’ল ১৫৬৩৩ নং বিকানেৰ-গুৱাহাটী যাত্ৰীবাহী এক্সপ্ৰেছ ৰে’ল।

FI-4vp-Qa-UAIGLzx

জানিব পৰা মতে, ৰে’লখনৰ কেইনাটাও দবা লাইনচ্যুত হােৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।

ইয়াৰ ফলত বিধ্বস্ত হৈ পৰে পৰে বহুকেইটা দবা।

এই দুৰ্ঘটনাত কমেও ৫ জন ৰে’লযাত্ৰীৰ মৃত্যুৰ খবৰ পােৱা গৈছে। লগতে আহত হৈছে ৪৫ ৰে’লযাত্ৰী। ইয়াত ২੦ জন ৰে’লযাত্ৰীৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।

FI-7q-L8a-AAM73-EE

আহত ৰে’লযাত্ৰীসকলৰ সমীপৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰােৱা হৈছে। ৰে’ল কৰ্তৃপক্ষই এই পৰ্যন্ত ঘটনাক লৈ কােনাে বিবৃতি প্ৰকাশ কৰা নাই।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীয়ে এই দুৰ্ঘটনাৰ বিষয়ে ৰে’লমন্ত্ৰীৰ পৰা সবিশেষ তথ্য লােৱাৰ লগতে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। লগতে আহতসকলৰ আশু আৰােগ্য কামনা কৰিছে।

FI-p-Mn1ak-AAKs5-P

লগতে চাওকঃ

চিকাৰ কৰিবলৈ গৈ নিজেই ’চিকাৰ’ হ’ল এজন আৰক্ষী কনিষ্টবল!

G1

Leave a Reply

Your email address will not be published. Required fields are marked *