নিউজ ডেস্কঃ ৱেব ছিৰিজত ভাৰতীয় সেনাক অপমান কৰি বিপদত প্ৰতিষ্ঠিত প্ৰযোজক একতা কাপুৰ। বলিউডৰ অন্যতম ছবি আৰু ধাৰাবাৰিক প্ৰযোজক একতা কাপুৰ আৰু তেওঁৰ মাতৃৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে আদালতে।
দৰাচলতে একতা কাপুৰৰ ৱেব ছিৰিজ ‘XXX’ ছিজন-২ৱে সৃষ্টি কৰিছে বিতৰ্কৰ। বিগত কিছু দিনত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৱেব চিৰিজখনৰ কেইটামান দৃশ্য।

‘আৰ্টিষ্টিক লিবাৰ্টি’ৰ নামত ভাৰতীয় সেনাক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে, ২০২০ চনত ‘XXX’ ছিজন-১ অ’টিটি প্লেটফৰ্মত মুক্তি লাভৰ পিছতো বিতৰ্কৰ সৃষ্টি হৈছিল।
জানিব পৰা মতে, বিহাৰৰ বেগুছৰাইৰ নিৱাসী অৱসৰপ্ৰাপ্ত সেনা বিষয়া শম্ভু কুমাৰে ‘XXX’ ছিজন-২ সন্দৰ্ভত গোচৰ তৰিছিল।

তেওঁ অভিযোগ কৰে যে ‘XXX’ ছিজন-২ত এজন জোৱানৰ পত্নীৰ সৈতে জড়িত কেইবাটাও আপত্তিজনক দৃশ্য সন্নিৱিষ্ট কৰা হৈছে।
তদুপৰি বহু দৃশ্যত স্পষ্টভাৱে ভাৰতীয় সেনাৰ পোছাকক অপমান কৰাৰো অভিযোগ উত্থাপন হৈছে।

শম্ভূ কুমাৰৰ গোচৰৰ পিছত আদালতে একতা কাপুৰলৈ চমন জাৰি কৰি আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিলেও প্ৰযোজকগৰাকীয়ে বাৰে বাৰে আদালতৰ নিৰ্দেশ অমান্য কৰাত অৱশেষত গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে আদালতে।
আনহাতে একতা কাপুৰৰ এই ৱেব চিৰিজখন মুক্তি লাভ কৰা অ’টিটি প্লেটফৰ্ম ‘অল্ট বালাজী’ৰ সৈতে জড়িত তেওঁৰ মাতৃ শোভা কাপুৰৰ বিৰুদ্ধেও আদালতে জাৰি কৰিছে গ্ৰেপ্তাৰী পৰোৱানা।