
নিউজ ডেস্ক। ভাৰতীয় সেনাত যোগদানৰ লক্ষ্যৰে নিশা কৰ্তব্যস্থলীৰ পৰা ঘৰলৈ ১০ কিলোমিটাৰ বাট প্ৰতিদিনে দৌৰি অহা প্ৰদীপ মেহৰা এতিয়া সকলোৰে বাবে এখন চিনাকি মুখ হৈ পৰিছে।
দুদিন পূৰ্বে ১৯ বৰ্ষীয় যুৱকজনৰ দৌৰি থকাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে মৰম, আশীৰ্বাদ আৰু শুভেচ্ছা বাৰ্তাৰে পৰিশ্ৰমী যুৱকজনক উপচাই পেলাইছে নেটিজেনে।

উত্তৰাখণ্ডৰ আলমোৰা জিলাৰ বাসিন্দা, কিন্তু কৰ্মসূত্ৰে ভাতৃৰ সৈতে দিল্লীত বাস কৰা প্ৰদীপ মেহৰাৰ লক্ষ্য ভাৰতীয় সেনাত যোগদান কৰা। কিন্তু তাৰ বাবে তেওঁ আছুতীয়াকৈ নিজকে সাজু কৰিবলৈ সময় নাপায়।
সেইবাবেই নিশা ১১ বজাত যেতিয়া তেওঁ কৰ্তব্য সম্পাদন কৰি নয়ডা চেক্টৰ ১৬ৰ মেকডোনাল্ডছৰ পৰা ভাড়াঘৰলৈ উভতে, তেতিয়া প্ৰতিদিনে ১০ কিলোমিটাৰ বাট তেওঁ দৌৰে।

চলচ্ছিত্ৰ নিৰ্মাতা তথা জ্যেষ্ঠ সাংবাদিক বিনোদ কাপৰিয়ে নিশাৰ ৰাজপথত যুৱকজনক লগ পোৱাৰ পিছতে এটা ভিডিঅ’ বনাইছিল, যি ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত এনিশাৰ ভিতৰতে সকলোৰে বাবে চিনাকি হৈ পৰিছে প্ৰদীপ নামৰ ১৯ বছৰীয়া যুৱকজন।
কিন্তু এই প্ৰশংসা, শুভেচ্ছা বাৰ্তাত সন্তুষ্ট নহয় প্ৰদীপ মেহৰা। কষ্টৰে অথচ স্বাভিমানেৰে জীৱন কটোৱা যুৱকজনে এনেদৰে এৰাতিৰ ভিতৰতে মানুহৰ সহমৰ্মিতা লাভ কৰি সুখী নহয়।
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে এতিয়া প্ৰদীপ মেহৰাৰ এটা সাক্ষাৎকাৰ ল’বলৈ ওচৰে পাজৰে ভিৰ কৰিছে বহু সংবাদ মাধ্যমে।
#PradeepMehra आज रात 12 बजे – फिर से ❤️ https://t.co/8cDE8gR94m pic.twitter.com/5xo8mmf5uJ
— Vinod Kapri (@vinodkapri) March 20, 2022
যাৰ বাবে নিজৰ লক্ষ্যত মনযোগ দিব পৰা নাই প্ৰদীপে। ৰাতিটোৰ ভিতৰতে হিৰো সজাই পেলোৱাত এতিয়া তেওঁ না ভালদৰে দৌৰিব পাৰিছে, না ভালদৰে কৰ্তব্য সম্পাদন কৰিব পাৰিছে। যাৰ বাবে তীব্ৰ অসন্তুষ্টিত ভুগিছে যুৱকজনে।
সেয়ে তেওঁ সংবাদ মাধ্যমকে আহ্বান জনাইছে তেওঁৰ প্ৰতিক্ৰিয়া বিচাৰি তেওঁক আমনি নকৰিবলৈ। নিজৰ লক্ষ্যত উপনীত হ’বলৈ তেওঁক অকলে এৰি দিয়াৰ বাবে সংবাদ মাধ্যমৰ ওচৰত আহ্বান জনাইছে যুৱকজনে।

কিন্তু এয়াও প্ৰদীপ মেহাৰৰ কাহিনী! সপোন দেখাৰ অধিকাৰ সকলোৰে আছে। উত্তৰাখণ্ডৰ আলমোৰা জিলাৰ চৌখুটিয়া খণ্ডমৰ ধনদ গাঁৱৰ এটি অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান প্ৰদীপৰো আছে সপোন দেখাৰ অধিকাৰ। সেই সপোনকে বাস্তৱৰ ৰূপ দিবলৈ কঠোৰ পৰিশ্ৰমৰ মাজেৰেও তেওঁ নিজক সাজু কৰি তুলিব বিচাৰিছে।
প্ৰদীপৰ পিতৃ ত্ৰিলোক সিং মেহাৰ এজন সাধাৰণ খেতিয়ক। অৱশ্যে নিজৰ খেতিমাটি নাই। আৰ্থিক দুৰৱস্থাৰ বাবেই দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈ পঢ়া সামৰিবলৈ বাধ্য হয় প্ৰদীপে। তাৰ পিছত তেওঁ জ্যেষ্ঠ ভাতৃ পংকজ মেহৰাৰ সৈতে দিল্লীলৈ গুচি আহে আৰু ব্যক্তিগত কোম্পানীত কাম কৰিবলৈ লয়।
প্ৰদীপৰ মাতৃ যোৱা দুবছৰ ধৰি কঠিন ৰোগত আক্ৰান্ত হৈ আছে আৰু যোৱা এটা বছৰে তেওঁ দিল্লীৰ নাগলোইত থকা ভগ্নীৰ ঘৰত থাকি চিকিৎসা চলাই আছে।
প্ৰাকৃতিক দুৰ্যোগত প্ৰদীপ মেহৰাৰ গাঁৱৰ ঘৰটোও ভাগি গৈছিল বহু পূৰ্বেই। তাৰ পিছত তেনেই সৰু কোঠাত বাস কৰিবলগা হৈছিল চাৰিজনীয়া পৰিয়ালটো। অৱশ্যে চিকিৎসাৰ বাবে মাতৃক লগত লৈ প্ৰদীপ আৰু পংকজ দিল্লীলৈ গুছি অহাত এতিয়া গাঁৱৰ ঘৰত অকলেই বাস কৰে পিতৃ ত্ৰিলোক সিং মেহৰাই।
পত্নী-পুত্ৰৰ সৈতে যোগাযোগ কৰিবলৈ আজিও ত্ৰিলোক সিং মেহৰাৰ হাতত নাই এটা মোবাইল ফোন। আনকি তেওঁৰ সুযোগ্য সন্তান ভাইৰেল হৈ পৰা বুলিও গম নাপাই পিতৃয়ে। নৈৰ পাৰত শিল ভাঙি, খেতি কৰি অতি দৰিদ্ৰতাৰ মাজেৰে জীৱন নিৰ্বাহ কৰা ত্ৰিলোক সিং মেহৰাই যেতিয়া পুত্ৰৰ ভাইৰেল হোৱা ভিডিঅ’ৰ বিষয়ে জানিব পাৰে, তাৰ পিছতে তেওঁ আবেগিক হৈ পৰে।
এনে এটা দৰিদ্ৰ পৰিয়ালৰ ল’ৰা প্ৰদীপ মেহৰাই নিজৰ লক্ষ্যপ্ৰাপ্তিৰ বাবে কৰা কঠোৰ পৰিশ্ৰমে এতিয়া মন চুইছে কোটি কোটি লোকৰ। আনন্দ মহিন্দ্ৰাৰ দৰে উদ্যোগপতিয়েও শ্বেয়াৰ কৰিছে যুৱকজনৰ ভাইৰেল ভিডিঅ’টো। য’ত তেওঁ লিখিছে- ‘ এয়া সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক। কিন্তু আপুনি জানেনে মোৰ বাবে সোমবাৰৰ দিনটোৰ অনুপ্ৰেৰণা কি? মূল কাৰণটো হৈছে তেওঁ স্বাধীন আৰু তাৰ বাবে তেওঁ যাত্ৰাৰ প্ৰস্তাৱো অস্বীকাৰ কৰিছে। তেওঁক সহায়ৰ প্ৰয়োজন নাই। তেওঁ আত্মনিৰ্ভৰ!’
অভিনেতা বিকি কৌশল, গায়ক বাদশ্বাস, ক্ৰিকেটাৰ হৰভজন সিং, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ কেভিন পিটাৰছনৰ দৰে তাৰকাইও ইতিমধ্যে শ্বেয়াৰ কৰিছে প্ৰদীপৰ ভিডিঅ’টো।