
নিউজ ডেস্কঃ শিক্ষকতাৰ লগতে এলাইচি, সাংবাদিকতা, ৰাজনীতি আদিৰ সৈতে জড়িত শিক্ষকক শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে কঠোৰ সকিয়নী প্ৰদান কৰাৰ পিছতে এতিয়া তেনে শিক্ষকৰ তথ্য বিচাৰি বিভিন্ন জিলাৰ শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে শিক্ষা সঞ্চালকে।
মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালক মমতা হোজাইয়ে শনিবাৰে ৰাজ্যখনৰ বিভিন্ন জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ পত্ৰ প্ৰেৰণ কৰি শিক্ষকতা বৃত্তিৰ লগতে এলআইচি, সাংবাদিকতা আদি অন্য বৃত্তিৰ সৈতে জড়িত শিক্ষক আৰু কৰ্মচাৰীৰ তালিকা ৭দিনৰ ভিতৰত মাধ্যমিক শিক্ষা সঞ্চালকৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিছে।
ইফালে শিক্ষা সঞ্চালকগৰাকীৰ এই পত্ৰ প্ৰেৰণৰ পিছতে শিক্ষকতাৰ লগতে অইন বৃত্তিৰ সৈতে জড়িত শিক্ষক তথা অইন কৰ্মচাৰীসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেই সাংবাদিকতাৰ সৈতে জড়িত শিক্ষক সকলক শিক্ষা বিভাগৰ পৰা সকিয়নী প্ৰদান কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত এই সকিয়নী কেৱল এক ভেকোভাওনাহে হৈ পৰিছিল।
শেহতীয়াকৈ ৰাজ্য চৰকাৰ আৰু শিক্ষা বিভাগে পুনৰ এবাৰ এনে শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সকিয়নী প্ৰদান কৰাৰ পিছত ইয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

প্ৰণিধানযোগ্য যে, মাধ্যমিক শিক্ষা বিভাগৰ ১১ জন শিক্ষকে এল আই চিৰ ৰঙিয়া শাখা কাৰ্যালয়ত এজেণ্ট হিচাপে কাম কৰি থকাৰ তথ্য লাভ কৰাৰ পাছতেই সেইসকল শিক্ষকৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্রহণ কৰা বুলি শিক্ষা বিভাগে প্ৰকাশ কৰিছে।
তাৎপর্যপূর্ণভাৱে, শিক্ষক বৃত্তিৰ সমান্তৰালকৈ এল আই চি আৰু সাংবাদিকতাৰ দৰে অন্যান্য বৃত্তিত নিয়োজিত সকলক মুখ্যমন্ত্রীয়ে সমালোচনা কৰাৰ সময়তে ৰাজ্যৰ শিক্ষা বিভাগেও এই ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰাত বৌদ্ধিক তথা সচেতন মহলে আদৰণি জনাইছে।