ৰে’ল ষ্টেচনত বয়ােজ্যেষ্ঠ যাত্ৰীৰ প্ৰাণৰক্ষা কৰি পুৰস্কৃত RPF জােৱান

নিউজ ডেস্ক। এক নিশ্চিত বিপদৰ পৰা এগৰাকী বয়ােজ্যেষ্ঠ ৰে’লযাত্ৰীৰ প্ৰাণৰক্ষা কৰি প্ৰশংসিত হ’ল তিনিচুকীয়া ৰে’ল ষ্টেচনত কৰ্মৰত এগৰাকী আৰ পি এফ জােৱান।

এনে সাহসিকতাৰ বাবে কেৱল অসমতে নহয়, সমগ্ৰ দেশতে প্ৰশংসা লাভ কৰিছে এ বি সিকদাৰ নামৰ আৰ পি এফ জোৱানজনে।

ইতিমধ্যে, এই ঘটনাৰ চিচিটিভি ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

উল্লেখ্য যে যােৱা ডিচেম্বৰৰ মাহৰ ১১ তাৰিখে সংঘটিত হৈছিল এই ঘটনা।

১৫৬০৩ নম্বৰৰ লিডাে-গুৱাহাটী ইন্টাৰচিটি এক্সপ্ৰেছত উঠিবলৈ গৈ বিপদত পৰিছিল যাত্ৰীজন।

ৰে’ল দবাৰ হেণ্ডলত ধৰাৰ পাছতে লােকজনক চােঁচৰাই নিছিল ৰে’লখনে। কিন্তু সৌভাগ্যবশতঃ এ বি সিকদাৰ নামৰ আৰ পি এফ জােৱানজনে সাহসিকতাৰ পৰিচয় দি লােকজনৰ প্ৰাণৰক্ষা কৰে।

ইপিনে, উত্তৰ পূব সীমান্ত ৰে’লৰ মহাপ্ৰবন্ধক আনচুল গুপ্তাই জােৱানজনক নিজ কাৰ্যালয়লৈ মানি আনি পুৰস্কৃত কৰে।

তেওঁ জােৱানজনক এখন সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে। লগতে জােৱানজনৰ কাৰ্যক উচ্চ প্ৰশংসা কৰে।

Leave a Comment