
নিউজ ডেস্কঃ চলন্ত ৰে’লত হাৰ্ট এটেক অহা স্বামীক মৃত্যুৰ দুৱাৰদলিৰ পৰা ঘূৰাই আনিলে পত্নীয়ে। শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পিছে এনে এটা ভিডিঅ’।
এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মথুৰা ৰে’ল ষ্টেচনত।
দৰাচলতে চলন্ত ৰে’লৰ ভিতৰতে হাৰ্ট এটেক আহিছিল এগৰাকী ৬৭ বৰ্ষীয় ব্যক্তিৰ। ৰে’লখন আহি মথুৰা ষ্টেছনত উপস্থিত হোৱাৰ পিছতে ব্যক্তিজনক ৰে’লৰ পৰা নমাই প্লেটফৰ্মলৈ অনা হয়।

কিন্তু তেতিয়ালৈকে শ্বাস প্ৰশ্বাস বন্ধ হৈ পৰিছিল ব্যক্তিজনৰ। সেই সময়ত প্লেটফৰ্মত উপস্থিত থকা এগৰাকী আৰপিএফ কনিষ্টবলৰ পৰামৰ্শমৰ্মে ব্যক্তিজনৰ পত্নীয়ে তেওঁক মুখেৰে চিপিআৰ প্ৰদান কৰাত অৱশেষত উশাহ ঘূৰি আহে লোকজনৰ।
ৰে’ল যাত্ৰীজনৰ মৃত্যু সৈতে যুঁজ, মৃ্ত্যুৰ মুখৰ পৰা স্বামীক ঘূৰাই অনাৰ বাবে পত্নীয়ে কৰা প্ৰচেষ্টা আৰু সেই সময়ত ব্যক্তিজনক সুস্থ কৰিবলৈ চেষ্টা চলোৱা আৰপিএফ জোৱানজনৰ এটা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

জানিব পৰা মতে, কইম্বটুৰ এক্সপ্ৰেছ ৰে’লযোগে দিল্লীৰ পৰা কোঝিকোডলৈ পত্নী দয়াৰ সৈতে যাত্ৰা কৰি আছিল ৬৭ বৰ্ষী কেশৱন নামৰ ব্যক্তিজনে। এই ৰে’ল যাত্ৰাৰ সময়তে তেওঁ হৃদৰোগত আক্ৰান্ত হয়।
ৰে’লৱে প্লেটফৰ্মতে কেশৱনৰ উশাহ ঘূৰি অহাৰ পিছত আৰপিএফে এম্বুলেন্সযোগে তেওঁক ৰে’লৱে হাস্পতাললৈ প্ৰেৰণ কৰে। পিছত উন্নত চিকিৎসাৰ বাবে এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হয় কেশৱনক।
কেশৱনৰ পত্নী দয়াই জনোৱা মতে, তেওঁলোক কেৰালাৰ কছাৰাগোদৰ নিৱাসী। দুসপ্তাহ পূৰ্বে ৮০ জনীয়া এটা দলৰ সৈতে চাৰ ধাম যাত্ৰাৰ বাবে তেওঁলোক উত্তৰাখণ্ডলৈ গৈছিল। তাৰ পৰা ঘূৰি অহাৰ সময়তে সংঘটিত এই ঘটনা।

ইফালে পিতৃৰ অসুস্থতাৰ খবৰ লাভ কৰাৰ পিছতে ছাহাৰনপুৰত চিকিৎসক হিচাপে কৰ্মৰত তেওঁলোকৰ পুত্ৰ নীৰজ ততাতৈয়াকৈ মথুৰাত উপস্থিত হয়।
বৰ্তমান হাস্পতালত চিকিৎসকৰ তত্বাৱধানত চিকিৎসা চলাই থকা হৈছে কেশৱনৰ। বৰ্তমান তেওঁক বিপদমুক্ত বুলি জানিবলৈ দিছে চিকিৎসকে।