ৰে’ল বিভাগৰ অভিযন্তাক ঘপিয়াই ধন লুট কৰা কুখ্যাত ডকাইতক গ্ৰেপ্তাৰ আৰক্ষীৰ

নিউজ ডেস্ক। আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হ’ল নুনমাটিৰ মঠঘৰীয়াৰ কেবিন চ’কত সংঘটিত ৰে’ল বিভাগৰ অভিযন্তাৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ মূল অভিযুক্ত।

নুনমাটি আৰক্ষীৰ অভিযানত নুনমাটিৰ জুপৰি বস্তিৰ পৰা গ্ৰেপ্তাৰ হ’ল টিংকু দাস (২৪)।

ধৃত টিংকু দাসে আৰক্ষীৰ জেৰাত কিশােৰ কলিতা নামৰ অভিযন্তাজনৰ ডিঙি কাটি ধন লুট কৰাৰ কথা স্বীকাৰ কৰে।

G2 15
ৰে’ল বিভাগৰ অভিযন্তাক ঘপিয়াই ধন লুট কৰা কুখ্যাত ডকাইতক গ্ৰেপ্তাৰ আৰক্ষীৰ 3

উল্লেখ্য যে মঙলবাৰে নিশা নুনমাটিৰ কেবিন চ’কৰ ওচৰত নিশা প্ৰায় ৮ মান বজাত কিশােৰ কলিতা নামৰ ৰে’ল বিভাগৰ অভিযন্তাজনৰ ডিঙিত চুৰীৰে আঘাত কৰি নগদ সাত হাজাৰ টকা, সোণৰ চেইন আৰু মোবাইল ফোন লুট কৰে দুৰ্বৃত্তই।

এই ঘটনাক কেন্দ্র কৰি সৃষ্টি হৈছিল তীব্র চাঞ্চল্যৰ।

গুৰুতৰভাৱে আহত অভিযন্তাজনক স্থানীয় লোকে উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰায়।

চুৰীৰ আঘাতত সংজ্ঞাহীন হৈ ৰে’ল লাইন চিৰিত বাগৰি পৰাৰ সময়তে দুর্বৃত্তৰ দলটোৱে ঘটনা স্থলীৰ পৰা পলায়ন কৰে।

ডিঙিত প্রায় ১৫ টাকৈ চিলাই পৰা কিশোৰ কলিতা বর্তমান সুস্থ বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ

এক বিশেষ কাৰণত নিতৌ ৰে’ল গে’টতে ৰে’ল ৰখায় লোকো পাইলটে! ভিডিঅ’ ভাইৰেল

G3 19
ৰে’ল বিভাগৰ অভিযন্তাক ঘপিয়াই ধন লুট কৰা কুখ্যাত ডকাইতক গ্ৰেপ্তাৰ আৰক্ষীৰ 4

Leave a Comment