অসমীয়াৰাষ্ট্ৰীয়

ৰে’লৰ এচি ডবাত শুই থাকোতেই যাত্ৰীৰ হাতত নিগনিৰ কামোৰ! ২০ হাজাৰ টকাৰ ক্ষতিপূৰণ ভৰিবলগীয়া হ’ল ভাৰতীয় ৰে’লৱেয়ে…

নিউজ ডেস্কঃ ৰে’ল যাত্ৰাৰ সময়ত এগৰাকী যাত্ৰীক নিগনিয়ে কামোৰাৰ বাবেই ২০ হাজাৰ টকাৰ ক্ষতিপূৰণ ভৰিবলগীয়া হ’ল ভাৰতীয় ৰে’লৱেয়ে।

কোঝিকোড জিলা গ্ৰাহক বিবাদ নিৰাময় আয়োগে শেহতীয়াকৈ যাত্ৰীগৰাকীক ২০ হাজাৰ টকাৰ ক্ষতিপূৰণৰ লগতে চিকিৎসাৰ খৰছৰ নামত এহাজাৰ টকা আৰু আয়োগৰ ব্যয়ৰ বাবে ২ হাজাৰ টকা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।

দৰাচলতে কেৰালাৰ চ’ৰ’ডৰ নিৱাসী চেলি জেমছ নামৰ মহিলা যাত্ৰীগৰাকীয়ে ২০১৬ চনত কৰা এক ৰে’ল যাত্ৰাৰ সময়ত সংঘটিত হৈছিল এই ঘটনা।

চেলি জেমছে কাচেগুডাৰ পৰা ভাডাকাৰলৈ ৰে’লেৰে যাত্ৰা কৰাৰ সময়ত পুৱা প্ৰায় ৩ বজাত তেওঁ নিজৰ বাৰ্থত শুই থকা সময়ত তেওঁৰ বাওঁহাতত নিগনিয়ে কামুৰিছিল।

লগে লগে যাত্ৰীগৰাকীয়ে এই বিষয়ে ৰে’লৰ টিটিইক অৱগত কৰাত শ্বোৰনুৰ ষ্টেছনত ৰে’লখন ৰখাই চিকিৎসা প্ৰদান কৰা হয় আৰু ইণ্ট্ৰাডাৰ্মেল ৰেবিজৰ ভেকচিন ল’বলৈ চিকিৎসকে পৰামৰ্শ প্ৰদান কৰে।

কিন্তু ৰে’লৰ এচি ডবাৰ ভিতৰত নিগনিৰ কামোৰ খাই এই বিষয়ে জিলা গ্ৰাহক বিবাদ নিৰাময় আয়োগত বিচাৰ তৰে চেলি জেমছে।

আয়োগৰ ওচৰত ভাৰতীয় ৰে’লৱেয়ে যুক্তি দি কয় যে অভিযোগকাৰীয়ে যাত্ৰা কৰা ৰে’লখনৰ চেকণ্ড এচি ডবা ভালদৰে পৰিস্কাৰ কৰা হৈছিল। এনে পৰিপ্ৰেক্ষিতত বাহিৰৰ পৰা নিগনি ডবাৰ ভিতৰত প্ৰৱেশ কৰিব পাৰে বুলি দাবী কৰে ৰে’ল কৰ্তৃপক্ষই।

কিন্তু আয়োগে পৰ্যবেক্ষণ কৰি এই কথা নিশ্চিত হয় যে ৰে’লৱেৰ গাফিলতি আৰু অমান্য সেৱাৰ বাবেই এই ঘটনা সংঘটিত হয়।

যাৰ বাবে আয়োগে যাত্ৰীগৰাকীক ২০ হাজাৰ টকাৰ ক্ষতিপূৰণৰ লগতে চিকিৎসা ব্যয় আৰু আয়োগৰ ব্যয় প্ৰদান কৰিবলৈ ৰে’ল বিভাগক নিৰ্দেশ দিয়ে।

Related Articles

Back to top button