নিউজ ডেস্ক। ৰাস্তাৰ ঠিক বাছৰ দৰেই চলিব, কিন্তু ৰে’লপথ পোৱাৰ লগে লগে ৰূপান্তৰিত হ’ব ৰে’ললৈ। অৰ্থাৎ এখন বানেই দুটা ৰূপ ধৰি চলি যাব গন্তব্যস্থানলৈ।
জাপানৰ কাইয়ো চহৰত ৰাজহুৱা ভাৱে আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে এখন বিশেষ বাহন।
প্ৰযুক্তিগত দিশত বিশ্বৰ ভিতৰতে উন্নত জাপানৰ এই বিশেষ বাহনখন হৈছে “ডুৱেল মোড ভেহিকল” (ডিএমভি)।

ৰাজপথৰ সমান্তৰালভাৱে ৰেলপথতো চলিব পৰা ডিএমভি বাহনখন বৃদ্ধ আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে যথেষ্ট সহায়ক হব বুলি দাবী কৰিছে ডিএমভি পৰিচালনা কৰা আছা কোষ্ট ৰেলৱে কোম্পানীয়ে।
এই মিনিবাছ সদৃশ বাহনখনে ৰাজপথত ৰৱৰৰ টায়াৰৰে ঘণ্টাত এশ কিলোমিটাৰ গতিৰে চলিব পাৰে। আনহাতে ৰে’লপথত উপস্থিত হোৱাৰ লগে লগে বাহনখনৰ তল অংশৰ পৰা লোহাৰ চকা বাহিৰলৈ ওলাই আহে ৰে’লৰ দৰে ঘণ্টাত ৬০ কিলোমিটাৰ সৰ্বাধিক গতিৰে চলিবলৈ সক্ষম হয়। বাহনখনেৰে এটা সময়ত ২১গৰাকী যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব।
Is it a bus or a train? The first 'dual-mode vehicle' is unveiled in Japan https://t.co/CPP2fGb0fL pic.twitter.com/fSARkvv5Ww
— Reuters (@Reuters) December 26, 2021
ডিএমভি পৰিচালনা কৰা আছা কোষ্ট ৰেলৱে কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াই কয় যে বাহনবোৰ কাইয়োৰ দৰে সৰু চহৰবোৰৰ বৃদ্ধ আৰু বিশেষভাৱে সক্ষম লোকসকলৰ বাবে সহায়ক হব।

মুখ্য কাৰ্যবাহী বিষয়া শিগেকি মিউৰাই শুকুৰবাৰে ৰয়টাৰক কয়, “ডিএমভি স্থানীয় লোকসকলৰ ওচৰলৈ বাছ হিচাপে যাব পাৰে আৰু তেওঁলোকক ৰে’লৱেলৈও লৈ যাব পাৰে। বিশেষকৈ বৃদ্ধ জনসংখ্যা থকা গ্ৰাম্য অঞ্চলত, আমি আশা কৰোঁ যে ই ৰাজহুৱা পৰিবহনৰ এক ভাল প্ৰকাৰ হ’ব।”
Is it a bus or a train? The first 'dual-mode vehicle' is unveiled in Japan https://t.co/CPP2fGb0fL pic.twitter.com/fSARkvv5Ww
— Reuters (@Reuters) December 26, 2021
ডিজেল ইন্ধনৰ দ্বাৰা চালিত, বিভিন্ন ৰঙত অহা বাহনসমূহ বৰ্তমান দক্ষিণ জাপানৰ শিকোকু দ্বীপৰ উপকূলৰ কিছু অংশত চলিব, যি কেইবাখনো সৰু চহৰক সংযোগ কৰিব আৰু যাত্ৰীসকলক সমুদ্ৰতীৰৰ দৃষ্টিনন্দন পৰিৱেশৰ আমেজ প্ৰদান কৰিব।

আনহাতে এই প্ৰকল্পটোৱে জাপানৰ চাৰিওফালৰ ৰেল অনুৰাগীসকলক ভ্ৰমণ কৰিবলৈ উৎসাহিত কৰিব বুলিও আশা কোৱা হৈছে।