ৰেচন কাৰ্ডত উপাধি ‘Dutta’ ঠাইত হ’লগৈ ‘Kutta’, কুকুৰৰ দৰে ভুকি ভুকি বিষয়াৰ সন্মুখত কৰিলে অভিনৱ প্ৰতিবাদ

এক অভিনৱ প্ৰতিবাদ।

যি প্ৰতিবাদৰ দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

ভিডিঅ’টোত এজন লোকে এজন কাৰ্যবাহী দণ্ডাধীশৰ সন্মুখত কুকুৰৰ দৰে ভুকি নিজৰ ক্ষোভ প্ৰকাশ কৰিছে।

কিয়নো তেওঁৰ উপাধি ‘দত্ত’ৰ সলনি ২০২২ বৰ্ষৰ ৰেচন কাৰ্ডত ‘কুট্টা’ বুলি ভুলকৈ ছপা হৈ আহিছে।

এই আচৰিত প্ৰতিবাদৰ ঘটনাটো পশ্চিমবংগৰ বুলি জানিব পৰা গৈছে। লোকজনৰ নাম শ্ৰীকান্ত দত্ত।

ভিডিঅ’টোত দেখা গৈছে যে, দণ্ডাধীশৰ গাড়ীখন আহি পোৱাৰ লগে লগে মানুহজনে কুকুৰৰ দৰে ভুকি কাৰ্যবাহী দণ্ডাধীশৰ সন্মুখত কাগজ এখন দাঙি ধৰিছে।

লোকজনৰ অদ্ভুত আচৰণক লৈ প্ৰথমতে বিষয়াগৰাকীক বিমোৰত পৰা যেন লাগে যদিও পিছত তেওঁৰ আবেদন গ্ৰহণ কৰে।

ভালদৰে পঢ়াৰ পিছত বিষয়াজনে নিজৰ গাড়ীৰ কাষত থিয় হৈ থকা এজন মানুহৰ হাতত তুলি দিয়ে আৰু ভুলটো শুধৰণি কৰিবলৈ নিৰ্দেশ দিয়ে।

শ্ৰীকান্ত দত্ত নামৰ লোকজনে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে, তেওঁ বহু আবেদন কৰাৰ পিছতো তেওঁৰ নামটো সুধৰণি হোৱা নাছিল। যাৰ বাবে উপায় বিহীন হৈ এনে ধৰণৰ অদ্ভুৎ পন্থা হাতত লোৱা বুলি সদৰি কৰে শ্ৰীকান্ত দত্ত নামৰ লোকজনে।

সম্প্ৰতি সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে এই ভিডিঅ’টোৱে।