ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ উদ্যোগত স্থাপন হৈছে বিশ্বৰ বৃহত্তম চিৰিয়াখানা!

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ উদ্যোগত স্থাপন হৈছে বিশ্বৰ বৃহত্তম চিৰিয়াখানা!

February 21, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এইবাৰ বিশ্বৰ সবাটোকৈ বৃহত্তম চিৰিয়াখানা নিৰ্মাণ কৰিছে ৰিলায়েন্সে। পৃথিৱীৰ বৃহত্তম চিৰিয়াখানা হ’ব মুকেশ আম্বানিৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ উদ্যোগত।

গুজৰাটৰ জামনগৰ জিলাত প্ৰতিষ্ঠা হ’ব এই চিৰিয়াখানা। প্ৰায় ২৮০ একৰ মাটিকালিত নিৰ্মাণ হ’ব এই চিৰিয়াখানা।

এই চিৰিয়াখানাত থাকিব প্ৰায় ১০০ ভিন্ন প্ৰজাতিৰ জীৱ-জন্তু। এই প্ৰকল্প আৰম্ভ কৰিছে মুকেশ আম্বানিৰ পুত্ৰ অনন্ত আম্বানিয়ে।

২০২৩ চনৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হ’ব এই চিৰিয়াখানা। এই চিৰিয়াখানাত লগতে থাকিব এক জীৱ জন্তু উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ।

জানিব পৰা মতে, এই চিৰিয়াখানাত থাকিব আফ্ৰিকাৰ সিংহ, চিতা বাঘ, হাতী, এছিয়াৰ সিংহ, বেংগল টাইগাৰ, জিৰাফ, জেব্ৰা, হৰিণ আদি কৰি বহুতো জীৱ-জন্তু।

বিশ্বৰ সকলো বিৰল প্ৰজাতিৰ জীৱ-জন্তু ৰখাৰো পৰিকল্পনা কৰা হৈছে।

এই চিৰিয়াখানাৰ নাম পৰ্যন্ত ঠিক কৰা হৈ গৈছে। সেই অনুসৰি এই চিৰিয়াখানা ৰ নাম হব ‘Greens Zoological Rescue and Rehabilitation Kingdom’।

ইয়াত সকলো জন্তুকে ৰখা হ’ব পৃথকে পৃথকে। ইয়াৰোপৰি জীৱ-জন্তু সমূহে নিজৰ মতে থাকিব পৰাকৈয়ো কৰি দিয়া হ’ব ব্যৱস্থা।

ইয়াত থাকিব Frog House, Dragon Island আদিৰ দৰে আকৰ্ষণীয় বৈশিষ্ট্য। ভাৰত চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ পৰা ইতিমধ্যে লাভ কৰিছে সকলো অনুমতি। সেই অনুসৰি আৰম্ভ হৈছে নিৰ্মাণ কাৰ্য।