ৰিপুন বৰাৰ পদত্যাগ পত্ৰ অগ্ৰাহ্য ছােনিয়া গান্ধীৰ!

May 3, 2021 0 By NEWS DESK

নিউজ ডেস্ক। অসম বিধানসভাৰ নিৰ্বাচনত অসমৰ ৰাইজে পুনৰবাৰ প্ৰত্যাখ্যান কৰিলে কংগ্ৰেছ দলক। আনকি প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা নিজেও পৰাজিত হ’ল এই নিৰ্বাচনত।

এনে শােচনীয় পৰাজয়ৰ পাছত ৰিপুন বৰাই নৈতিক দায়িত্ব স্বীকাৰ কৰি দলৰ ৰাষ্ট্ৰীয় সভানেত্ৰী ছােনিয়া গান্ধীলৈ ৰবিবাৰে প্ৰেৰণ কৰিছিল পদত্যাগ পত্ৰ।

কিন্তু কংগ্ৰেছ হাইকামাণ্ডে বৰাৰ পদত্যাগ অগ্ৰাহ্য কৰিছে। সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে কংগ্ৰেছ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰভাৰী জীতেন্দ্ৰ সিঙে।

সােমবাৰে গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেল সম্বোধন কৰি সিঙে কয় যে ৰিপুণ বৰাৰ পদত্যাগ পত্ৰ এতিয়াও গ্ৰহণ কৰা নাই কংগ্ৰেছ হাই কামাণ্ডে।

উল্লেখ্য যে কংগ্ৰেছ দলৰ নৱ নিৰ্বাচিত বিধায়কসকলক সম্বৰ্ধনা জনায় প্ৰদেশ কংগ্ৰেছে।

উল্লেখ্য যে গহপুৰৰ পৰা প্ৰতিদ্বন্দ্বীতা কৰা ৰিপুন বৰাই বিজেপিৰ উৎপল বৰাৰ হাতত ২৯,০০০ ভোটৰ ব্যৱধানত পৰাজিত হয়।

ৰাজ্য বিধানসভাৰ ১২৬ খনৰ আসনৰ ভিতৰত ৯৫ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছে ২৯ খন আসনতেই সীমিত থাকিবলগীয়া হয়।

লগতে চাওকঃ

সাংবাদিকৰ পৰা জনপ্ৰতিনিধিলৈ… ৰাজ্যৰ সৰ্বকনিষ্ঠ বিধায়ক হিচাপে জয়যুক্ত আশ্ৰাফুল হুছেইন