ৰিপুন বৰাই অসমত বঙালীৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ উঠিপৰি লাগিছেঃ শিখা শৰ্মা…

অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য সদ্য পদত্যাগী নেত্ৰী শিখা শৰ্মাৰ।

দুদিনমান পূৰ্বে তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰা নেত্ৰীগৰাকীয়ে শীঘ্ৰেই দল এৰাৰ কাৰণ ৰাজহুৱা কৰিম বুলি মন্তব্য কৰিছিল।

সেই অনুসৰি আজি ফেচবুকৰ জৰিয়তে ৰিপুন বৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তুলি দল ত্যাগৰ কাৰণ ৰাজহুৱা কৰে নেত্ৰীগৰাকীয়ে।

তেওঁ লিখিছে- ৰিপুন বৰাৰ মানসিক নিৰ্যাতনত অতিষ্ঠ হৈ তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলোঁ। ৰিপুন বৰাই অসমত বঙালীৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ উঠিপৰি লাগিছে।

ফেচবুকত তেওঁ লিখিছে-

“মই তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ কাৰণ”

যাত্ৰাৰ বিবৰণ—-

১/ 11.5.2022 তাৰিখে মই, তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ উপস্থিতিত, গুৱাহাটীৰ মাছখোৱাত হোৱা সভাত অসম তৃণমূল কংগ্ৰেছত যোগদান কৰোঁ ৷

২/ 25.6.2022 তাৰিখে, পশ্চিম বঙ্গৰ সাংসদ তথা অসমৰ ইনচাৰ্জ শান্তনু সেনৰ উপস্থিতিত, ৰাজ্যিক তৃণমূলৰ প্ৰথমখন কাৰ্য্যনিৰ্বাহক সভাত মই, অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা পদবীত নিযুক্তি আৰু বৰপেটা আৰু দৰং জিলাৰ ইনচাৰ্জ হিচাপে দায়িত্ব গ্ৰহণ কৰোঁ ৷

কিন্তু, মাত্ৰ 3 মাহ 11 দিন যোৱাৰ পাছত অৰ্থাৎ,

৩/ যোৱা 22.8.2022 তাৰিখে মই, অসম তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা আৰু প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰোঁ ৷

মই 15 দিনৰ পাছত পদত্যাগৰ কাৰণ ডাঙি ধৰিম বুলি কৈছিলো ৷ 22.8.2022 to 5.9.2022 ৷ আজি সম্পূৰ্ণ 15 দিন হ’ল ৷ পোন্ধৰ দিন সম্পূৰ্ণ হোৱাৰ দিনা আজি মই পদত্যাগৰ কাৰণ ৰাজহুৱাকৈ বিশ্লেষণ কৰিবলৈ লৈছো ৷

কিন্তু এই কাৰণ ব্যাখ্যা কৰিবলৈ 15 দিন সময় মই কিয় ল’লো ? কাৰণটো বিশ্লেষণ কৰিবলৈ 15 দিনৰ দীঘলীয়া সময় লাগিল কিয় ?

কাৰণ—

পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ পাছত মই, অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক 15 দিনৰ সময় দিলো ৷ যাতে এই 15 দিনৰ ভিতৰত, তেওঁ মনৰ হেঁপাহেৰে মোৰ বিৰুদ্ধে মতামত ডাঙি ধৰিব পাৰে ৷ মোৰ বিৰুদ্ধে যিকোনো অভিযোগ ৰাজহুৱা কৰিব পাৰে ৷ এইবাবেই মই মুখ খোলাৰ আগতেই, তেওঁক 15 দিন সময় দিলো ৷ কিন্তু মই এই 15 দিনলৈকে, তেনে কোনো সংবাদ নাপালো ৷ গতিকে মই এই লিখনি লিখাৰ পাছত, মোৰ বিৰুদ্ধে কোনো মনে সজা আৰু মিছা অভিযোগ দিলে, তাৰ বিশ্বাসযোগ্যতা নাথাকিব ৷ কাৰণ 15 দিনৰ দীঘলীয়া সময়ৰ পাছত মই পদত্যাগৰ কাৰণ কোৱাৰ লগে লগে, মোৰ বিৰুদ্ধে লাখ লাখ কথা ক’লেও তাৰ মূল্য নাথাকে ৷ “কাউন্টাৰ এটেক” ৰাইজে ভালদৰেই বুজি পায় ৷

কথা হ’ল,

যোৱা 22.8.2022 তাৰিখ সোমবাৰে, পুৱা 10:30 বজাত মই, সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ অধ্যক্ষা মাননীয় মমতা বেনাৰ্জীলৈ মোৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিলো ৷ তাৰ প্ৰতিলিপি অভিষেক বেনাৰ্জী, শান্তনু সেন, ৰিপুন বৰা আদিলৈ প্ৰেৰণ কৰিছিলোঁ ৷ আৰু অসমৰ মোক চিনি পোৱা, মোক ভালপোৱা, মোৰ কথাবোৰ জানিবলৈ উৎসুক হৈ থকা মোৰ শুভাকাঙ্খী ৰাইজক মই, মোৰ ফেছবুকৰ জড়িয়তে মোৰ পদত্যাগৰ কথা জনাইছিলো ৷

আৰু আজি মই মোৰ দায়িত্ব পালন কৰি, মই পদত্যাগ কিয় কৰিলো তাৰ কাৰণ জনাবলৈ এই লিখনিটি মোৰ শুভাকাঙ্খীসকললৈ প্ৰেৰণ কৰিলোঁ।

“ৰিপুন বৰাৰ মানসিক নিৰ্য্যাতনত অতিষ্ঠ হৈ, মই অসম তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলোঁ ৷”

এইয়া আছিল মই মোৰ পদত্যাগ পত্ৰত মমতা বেনাৰ্জীলৈ লিখা মোৰ পদত্যাগৰ কাৰণ ৷

হয়, মই ৰিপুন বৰাৰ দ্বাৰা মানসিকভাবে নিৰ্য্যাতিত হৈছিলো ৷ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই মোক, “মিঞাৰ” কথা কৈ কৈ প্ৰায়ে কথা শুনাই আছিল। ৰিপুন বৰাৰ মতে, মই মিঞাৰ হৈ মাত মাতো ৷ ৰিপুন বৰাৰ মতে, মই মিটিংবোৰত ভাষণ দি “মিঞাবোৰক”(ৰিপুন বৰাৰ ভাষাত) মূৰৰ ওপৰলৈ উঠাই থাকোঁ ৷ ৰিপুন বৰাৰ মতে,

“মিঞাৰ পৰা ৰাজনৈতিক সহায় আদায় কৰিব লাগে ৷ কিন্তু মিঞাক বৰ বেছি পাত্তা আৰু ৰাজনৈতিক ভাবে গুৰুত্ব দিব নালাগে”

ৰিপুন বৰাৰ মতে, মিঞাক গাড়ী ভাৰা দি আন্দোলন কৰিবলৈ লৈ আনিব লাগে ৷ কিন্তু কেমেৰাৰ সমুখত “মিঞাবোৰক” ওলাবলৈ দিব নালাগে। নহ’লে মানুহে তৃণমূলক “মিঞাৰ দল” বুলি ক’ব। ৰিপুন বৰাৰ মতে, মাঁথা গন্তিত ধৰিবলৈ মিঞাক মিটিঙলৈ আনিব লাগে ৷ কিন্তু সমুখৰ চিটবোৰত পৰাপক্ষত আন আন জাতি জনজাতিৰ মানুহক পইছা দি ধৰি আনি হ’লেও বহুৱাই, মিঞাক কেমেৰাই কভাৰ নকৰাকৈ পিছত বহুৱাই ৰাখিব লাগে ৷

ৰিপুন বৰাৰ মিঞাৰ প্ৰতি থকা ঘৃণা দেখি মই আচৰিত আৰু হতাশ হৈ গৈছিলো ৷ এদিন ৰিপুন বৰাই মোক ফোন কৰি মাতি নি, পাৰ্টি অফিচৰ তেওঁৰ কেবিনত বহুৱাই কৈছিল—

“আপুনি মিঞাবোৰৰ বিষয়ে ইমান ভাল ভালকৈ কৈ নাথাকিব ৷ আপুনি মিঞাৰ কথা বহুত ক’লে। আপুনি মিঞাৰ হৃদয়ত আছেই। গতিকে এতিয়া আৰু সেইবোৰ কথা কৈ কৈ Hammering কৰি থাকিব নালাগে ৷ মিঞাক বৰ বেছি পাত্তা নিদিব ৷ মিঞাবোৰৰ হাতত বিকল্প নাই ৷ এতিয়া মিঞাবোৰ সংকটত আছে। গতিকে সিহঁত তৃণমূললৈ আহিবই ৷ এনেও আহিব ৷ তাৰ বাদে সিহঁত যাব ক’লৈ ? গতিকে আপুনি বেছি পাত্তা দি থাকিলে আনবোৰ মানুহে আমাক বেয়া পাব নহয়। সিহঁত এনেও আহিব আমাৰ দললৈ। আমি আমাৰ দললৈ মূল অসমীয়া মানুহবোৰক টানিব লাগে”

এইয়া আছিল ৰিপুন বৰাই মোক মানসিকভাবে কৰা আটাইতকৈ বৃহৎ আঘাত ৷ কাৰণ মই অসমৰ নাগৰিকক কোনোদিন মিঞা, বঙালী, মাৰোৱাৰী, পঞ্জাৱী, হিন্দু, মছলমান, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন, জাতি-জনজাতি, বামুণ, কলিতা আদি ভাগত ভাগ কৰি কাম কৰা নাছিলো ৷ মোৰ মনত অসমৰ প্ৰতিজন নাগৰিক মোৰ আত্মীয়ৰ দৰে ৷ মই কোনোদিন ৰিপুন বৰাই ব্যাখ্যা কৰা “মিঞা” ক অধিক পাত্তা দিয়া নাছিলো। মই “মিঞা”ৰ হৈ বামউকীল ওলোৱা নাছিলো ৷ বিজেপি চৰকাৰে তথা হিমন্ত বিশ্ব শৰ্মাই, অসমৰ একাংশ মুছলমান নাগৰিকক কৰা অত্যাচাৰৰ মই প্ৰতিবাদ হে কৰি আহিছো আৰু কৰি থাকিম ৷

মই মিঞাৰ সমৰ্থক নহয় ৷ মই কোনো জাতি-জনগোষ্ঠীৰো সমৰ্থক নহয় ৷ মই কোনো নিৰ্দিষ্ট ভাষা-ভাষী লোকৰ সমৰ্থক নহয় ৷ মই কোনো এটা বিশেষ ধৰ্মৰ লোকৰো সমৰ্থক নহয় ৷ মই মানুহৰ সমৰ্থক ৷ মই ভাৰতীয় নাগৰিকৰ সমৰ্থক ৷ মই অসমৰ প্ৰতিজন বৈধ নাগৰিকৰ সমৰ্থক ৷ অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠী, প্ৰতিটো ধৰ্ম, প্ৰতিটো ভাষা, প্ৰতিটো সম্প্ৰদায়ৰ মানুহবোৰ মোৰ ভাতৃ আৰু ভগ্নী। কাৰণ মই অসমীয়া ৷ অসমৰ প্ৰতিজন ব্যক্তিৰ সুখ-দুখৰ সমভাগী হোৱাতো মানুহ হিচাপে মোৰ সামাজিক আৰু নৈতিক দায়িত্ব ৷

আৰু এই মানসিকতাৰ বাবেই ৰিপুন বৰাৰ কঠোৰ বাক্যবানৰ সমুখীন হৈছিলো মই।

ৰিপুন বৰাৰ লগত আগতে মোৰ কোনো ধৰণৰ পৰিচয় বা কথা বতৰা নাছিল। মই TMC ত জইন কৰাৰ আগৰ সময়ছোৱাত, কংগ্ৰেছী ৰিপুন বৰাই মাজে মাজে অৱশ্যে মোলৈ মোৰ বিভিন্ন লিখনিৰ কথাৰে ফোন কৰিছিল ৷ মই জেলত থাকোতে, মোৰ জামিনৰ বিষয়ত তেওঁ কংগ্ৰেছ দলৰ পৰা এজন উকীল দি, মোৰ স্বামীক মোৰ জামিনত সহায়ো কৰিছিল। তাৰবাবে মই ৰিপুন বৰাৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম ৷ সেইসময়ৰ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই যিদৰে মোৰ জামিনত সহায় কৰিছিল, ঠিক সেইদৰে AIUDF ৰ মূৰব্বী বদৰুদ্দিন আজমল ডাঙৰীয়ায়ো মোৰ জামিনৰ কথাটোত মোৰ স্বামীক সহায় সহযোগ কৰিছিল ৷ গতিকে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ওচৰতো মই আৰু মোৰ পৰিয়াল সদায় কৃতজ্ঞ ৷ কিন্তু তাৰ অৰ্থ এইটো কেতিয়াও নহয় যে, মই ৰিপুন বৰাৰ সাম্প্ৰদায়িক মানসিকতাক মানি লৈ তৃণমূল কংগ্ৰেছত থাকি, ৰিপুন বৰাক সাম্প্ৰদায়িকতাৰ বতাহ বিলোৱাত সহায় কৰি যাম।

ৰিপুন বৰা এজন অতি বেছি সাম্প্ৰদায়িক মানুহ ৷ তেওঁ নামত হে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৷ কিন্তু তেওঁ কামবোৰ কৰি আছে বিজেপিৰ Guide line মতে ৷ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দ্দেশত চলি আছে অসম তৃণমূল কংগ্ৰেছ ৷ বিজেপি, RSS আৰু TMC ৰ মূল এজেণ্ডা সম্পূৰ্ণ একেই ৷ “মিঞা হতাও”। যিটো অসম্ভৱৰো বাহিৰত ৷

ৰিপুন বৰাই অসমত বঙালীৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ উঠিপৰি লাগিছে ৷ এইয়া পশ্চিমবঙ্গৰ বঙালী আধিপত্যৰ ফলশ্ৰুতি ৷ দুখ লগা কথাটো হ’ল, ৰিপুন বৰাৰ “বঙালী মিছনত” কিন্তু অসমৰ বাঙালী সমাজখন জড়িত নহয়। অসমৰ কোনো গুণী-জ্ঞানী, বিশিষ্ট বাঙালীলোক ৰিপুন বৰাৰ লগত নাই ৷ কাৰণ অসমৰ বাঙালীভাষী অসমীয়াসকলে, কোনোদিন নিজক অসমীয়াৰ পৰা পৃথক বুলি ভবা নাই ৷ আমিও নাভাবোঁ ৷ গতিকে “তৃণমূল কংগ্ৰেছ” কৰি, অসমৰ অধিকাংশ বাঙালীলোকে অসমৰ মূলসূঁতিৰ পৰা আঁতৰি যাব নিবিচাৰে ৷ গতিকে সকলোৱে ভবাৰ দৰে, মমতা বেনাৰ্জীৰ নাম শুনিলেই সকলো বাঙালী লোক আহি TMC ত ভিৰ কৰিবহি বোলা কথাষাৰ মূল্যহীন হৈ পৰিল ৷ TMC লৈ হিন্দু বাঙালীৰ সোঁত নাহিল ৷ এইটোৱে প্ৰমাণ কৰিলে যে, অসমৰ বাঙালীসকলে অসমত বঙালী সাম্প্ৰদায়িকতা কামনা নকৰে ৷ তেওঁলোক অসমীয়া হৈ থাকিব বিচাৰে ৷ কিন্তু আমাৰ খাৰখোৱা ৰিপুন বৰাই, চিৰাং জিলাৰ বিজনীৰ ভাওৰাগুৰীৰ TMC ৰ মিটিঙত গৈ, অসমীয়া ভাষণৰ মাজে মাজে বঙালীত ভাষণ মাৰিলে ৷ য’ত মই নিজেও উপস্থিত আছিলো ৷

তেনেহ’লে অসমীয়া ভাষা ৰক্ষা কৰাৰ কথা ক’ত ?

আমি আচলতে অসমৰ অসমীয়া মানুহে অসমীয়া জিভাৰে, অসমৰ মিটিঙত বঙালীত ভাষণ দিব কিয় লাগে ? বাহিৰৰ পৰা কোনোবা আহিছে, তেওঁ যি ভাষাত ভাষণ দিয়ে দিয়ক ৷ কিন্তু অসমৰ অসমীয়াভাষী ৰাজনৈতিক নেতাই, অসমৰ মাটিত কিয় বাঙালীত ভাষণ দিব ? তাৰমানে অসমীয়া ভাষাৰ ওপৰত আক্ৰমণ আৰম্ভ ? তেন্তে সাম্প্ৰদায়িক ৰাজনীতিক হিমন্ত বিশ্ব শৰ্মা আৰু ৰিপুন বৰাৰ মাজত প্ৰভেদ ক’ত ? দুয়োজন একেই সাম্প্ৰদায়িক আৰু অসমীয়াবিৰোধী নহয়নে ?

মিঞা জনগোষ্ঠীৰ লোকে ভাটিয়া ভাষাত কথা পাতিলে জগৰ লগা অসমত, ৰিপুন বৰাই তৃণমূলৰ মিটিঙত বঙালী ভাষাত ভাষণ দিলে জগৰ নালাগিব কিয় ? তাৰমানে বঙালীপ্ৰীতি আৰম্ভ ?

অসম তৃণমূল কংগ্ৰেছত থকাৰ সময়ছোৱাত, মোৰ প্ৰতিমুহূৰ্ততে উপলব্ধি হৈ আছিল যে, মই যেন অসমীয়াবিৰোধী এক চক্ৰৰ লগত সোমাই পৰিলো ৷ প্ৰতি মুহূৰ্ততে মোৰ নিজকে বঙালীৰ হাতত বিক্ৰী হোৱা যেন অনুভৱ হৈছিল। মোৰ অনুভৱ হৈছিল ৰিপুন বৰাৰ নেতৃত্বত, পেটকটা ৰ, গামোছাত গঁচক, ভুপেন হাজৰিকাক “আমাদেৰ ভূপেনদা”, ৰঙালী বিহুৰ বঙালী বিহু, আদিৰ চেষ্টা যেন পুনৰ মূৰ ডাঙি উঠিছে ৷ এই সকলোবোৰে মোক বৰকৈ আমনি দি আছিল। মই ৰিপুন বৰা নামৰ অসমীয়াজন যে ইমান বঙালীপ্ৰিয় মানুহ, সেই কথা সপোনতো ভবা নাছিলো ৷ ৰিপুন বৰাৰ লগত প্ৰথম দেখা হৈছিল মই জইন কৰাৰ দিনা ৷ 11.5.2022 ত ৷ তাৰ আগতে মই কেতিয়াও ৰিপুন বৰাক দেখা নাছিলো ৷ মই “বৰা” উপাধিটোত বিশ্বাস কৰিব বিচাৰিছিলো ৷

অনিল বৰা মোজাম্মিল হক নামৰ ভাষা আন্দোলনৰ শ্বহীদ দুজন, মই জন্ম হোৱাৰ আগতেই শ্বহীদ হৈছিল ৷ কিন্তু মই আজিও প্ৰতি পলে বুকুত ৰাখিছো অনিল আৰু মোজাম্মিলক ৷ যি দুজন ডেকা ল’ৰা, অসমৰ ভাষা আন্দোলনত শ্বহীদ হৈছিল ৷ অসমীয়া ভাষাৰ ওপৰত বঙালী ভাষাই চলোৱা দমনৰ বাবে, অসমত এসময়ত ভাষা আন্দোলন হৈছিল ৷ ৰিপুন বৰাই সেই শ্বহীদক মনত ৰাখিহে TMC কৰিব বুলি মোৰ এটা বিশ্বাস আছিল। কিন্তু নহয় ৷ সেয়া নহ’ল ৷

ৰিপুন বৰাক কেৱল ক্ষমতা লাগে ৷ ৰিপুন বৰাক যিকোনো প্ৰকাৰে সাংসদ হ’বলৈ লাগে ৷ অসমত ৰিপুন বৰা সাংসদ হোৱাৰ আৰু সম্ভাৱনা নাই ৷ কংগ্ৰেছক ধ্বংস কৰি থৈ অহা ৰিপুন বৰাক আৰু কোনোদিন কংগ্ৰেছে আদৰি নলয় বা বাহিৰৰ পৰাও কোনো ধৰণৰ সমৰ্থন নিদিয়ে ৷ বিজেপিয়েতো ৰিপুন বৰাক ওচৰ চাপিবলৈকে নিদিয়ে ৷ কিন্তু ৰিপুন বৰাক Use কৰি আন দলবোৰক শেষ কৰাত লাগি আছে আৰু লাগি থাকিব বিজেপি আৰু হিমন্ত ৷ যিদৰে ৰিপুন বৰাৰ দ্বাৰাই কংগ্ৰেছক খুলি খুলি খোলা উলিয়াই দিলে হিমন্তই ৷ কংগ্ৰেছৰ প্ৰতি প্ৰতিশোধ ল’বলৈ হিমন্তই ব্যৱহাৰ কৰিলে ৰিপুন বৰাক। আজমলে তো ৰিপুন বৰাক মৰি গ’লেও আৰু কোনোদিন সমৰ্থন নকৰে ৷ AIUDF য়ে সাপক বিশ্বাস কৰিলেও, কোনোদিন আৰু ৰিপুন বৰাক বিশ্বাস নকৰে ৷ গতিকে ৰিপুন বৰা সাংসদ হোৱাৰ একমাত্ৰ আৰু শেষ আশা মমতা বেনাৰ্জী ৷ ৰিপুন বৰাৰ আশা যে, বৰাক উপত্যকাৰ সুস্মিতা দেৱক মমতা বেনাৰ্জীয়ে ৰাজ্যসভাৰ সাংসদ বনালে ৷ অহা বছৰ সুস্মিতা দেৱৰ কাৰ্য্যকাল অন্ত পৰিব। সেই চিটটোত পাৰিলে জঁপিয়াই বহিব ৰিপুন বৰা ৷ নহ’লেও 2023 ত হেনো আৰু এখন আসন খালী হ’ব পশ্চিমবংগ ৰাজ্যসভাৰ ৷ গতিকে তাত বহাৰ চেষ্টাত ৰিপুন বৰাই অংক কৰি আছে ৷ মানে যেনেতেনে দিদিৰ প্ৰসাদ অকনমান ৰিপুন বৰাক লাগে ৷

লওক ৷ আমাৰ বাধা নাই ৷ ৰিপুন বৰা MP কিয়, প্ৰধানমন্ত্ৰী হওক ৷ আমাৰ সমস্যা নাই ৷ কিন্তু মানুহৰ প্ৰতি মনত তীব্ৰ বিদ্বেষ থকা ৰিপুন বৰাৰ লগত, মই কাম কৰিব নোৱাৰিম। মানুহক ঘৃণা কৰি, মানুহক সংখ্যাবৃদ্ধিৰ বাবে ব্যৱহাৰ কৰি, ভিতৰি “মিঞা মিঞা” বুলি ইতিকিং কৰি মই ৰাজনীতি কৰিব নোৱাৰো ৷ মই ৰাজনীতিৰ বাবে ইমান তললৈ নামি যাব নোৱাৰো ৷ মই ক্ষমতাৰ বাবে, মানুহৰ বুকুৰ ভিতৰত থকা পৰমাত্মাৰ লগত প্ৰতাৰণা কৰিব নোৱাৰো ৷ ৰজাৰ নীতিত যেতিয়া বিভেদ, ঘৃণা আৰু বিদ্বেষ থাকে, তেতিয়া সেই ৰজাক মই মানি চলিব নোৱাৰোঁ ৷

মই পদত্যাগ কৰাৰ মূল কাৰণ এইটো ৷ কিন্তু মই জইন কৰাৰ পিছদিনাৰে পৰা, অৰ্থাৎ 12.5 2022 তাৰিখৰ পৰাই ৰিপুন বৰাই মোক দমন কৰিবলৈ বিভিন্ন চেষ্টা কৰি আহিছে ৷ যেতিয়াই তেতিয়াই ফোন কৰি, তেওঁ মোক কঠোৰ ভাষাৰে কথা শুনায় ৷ মোৰ দোষ– মোৰ ভাষণ আৰু লিখনি ৷ মই ফেছবুকত মোৰ মনৰ ভাবেৰে লিখাত, ৰিপুন বৰাই বাধা প্ৰদান কৰি মোক নিশাও ফোন কৰে ৷ মানে মই বিজেপিৰ সমালোচনা কৰি লিখিব নালাগে ৷ মই চৰকাৰী দালালবোৰৰ কথা লিখিব নালাগে ৷ মই খেলুৱৈৰ পুৰস্কাৰৰ নামত, হিমন্তই আমাৰ টকাৰে গঠন হোৱা ৰাজকোষৰ পৰা কোটি কোটি টকা, একোগৰাকী খেলুৱৈক উপহাৰ দিয়াৰ সমালোচনা কৰিব নালাগে ৷ মই অসমৰ ৰাইজৰ সমস্যাত আন্তৰিকতাৰে মাত মাতিব নালাগে ৷ কিন্তু মানুহক দেখুৱাই ৰিপুন বৰাই কৰা আন্দোলনত চিঞৰিব লাগে ৷ কাৰণ এটা আন্দোলন মানেই, TMC ৰ পৰা অহা লাখ লাখ টকা খৰছ কৰাৰ উপায় ৷ কিন্তু সেই একেটা সমস্যা মই ফেছবুকত লিখিলে বাধা ৷

এই বাবেই মই এদিন এটা Post কৰিছিলো ৷ “ৰৈ….” ৷ আন এদিন শাৰীৰিক অসুস্থতাৰ দোহাই দি, “কিছুদিন ৰাজনৈতিক কাম-কাজৰ পৰা আঁতৰি থাকিম” বুলি Post কৰিছিলো ৷ কিন্তু মই দলৰ পৰা ওলাই আহিম বুলি ভবা নাছিলো ৷ কিন্তু ৰিপুন বৰাৰ প্ৰতিটো দমনমূলক ফোনকলৰ পাছত, মই হতাশ হৈ মনৰ দুখবোৰ অনুভৱৰ দুশাৰীত Post কৰিছিলো ৷

কলকতাৰ TMC ৰ পৰা অসমলৈ বহুত টকা দিছে ৷ খানাপাৰাত বহুমহলীয়া এটা বিল্ডিং ভাৰালৈ লৈ দিছে অফিচ কৰিবলৈ ৷ গুৱাহাটীত এটা চাৰিমহলীয়া বিল্ডিঙৰ ভাৰা মাহে কিমান হ’ব পাৰে ভাবক ৷ দহ লাখ টকাৰ ফাৰ্নিচাৰ কিনি দিছে মমতা বেনাৰ্জীয়ে ৷ দহ লাখ টকাৰ ফাৰ্নিচাৰেই ৷ ভাবক ৰাইজ ৷ একো একোখন কাৰ্য্যনিৰ্বাহকত ডেৰলাখ টকাৰ খানা আৰু মাইক। তাকো অতিবেছি এশজন মানুহৰ খানাহে ৷ এশজন মানুহৰ খানা, মাইক, DG, প্ৰজেক্টৰ আদিত ডেৰলাখ টকাৰ বাজেট ৷ ভাবক ৰাইজ ৷ আৰু মাহে ডেৰ লাখ টকাৰ দৰমহা ৰিপুন বৰাৰ দ্ৰাইভাৰ, পিয়ন, 3 জন PA, অফিচ ষ্টাফ আদিৰ বাবে ৷ মোৰ হাতত তথ্য প্ৰমান আছে ৷ বিনা তথ্যত শিখা শৰ্মাই কথা নকয়। এই সকলোবোৰ টকা মমতা বেনাৰ্জীয়ে পঠিয়ায় ৷ তিনিটাকৈ AC এই তিনিমহীয়া কাৰ্য্যকালৰ ভিতৰতে ৷ ভাবক কিমান টকা দি আছে মমতা বেনাৰ্জীয়ে ৷ যথেষ্ট কৰিছে মমতা বেনাৰ্জীয়ে অসম TMC ৰ বাবে ৷ টকা পইছাৰ মা-বাপ নথকাকৈ দিছে ৷ কিন্তু ৰিপুন বৰাই কৰিছে কি ? কংগ্ৰেছত যি কৰিলে, ইয়াতো তাকেই কৰি আছে ৷ কংগ্ৰেছৰ দৰেই TMC কো ধ্বংস কৰিব ৰিপুন বৰাই ৷

আচলতে ৰিপুন বৰা RSS. ৰিপুন বৰা প্ৰকৃত বিজেপি ৷ কিন্তু বিজেপিয়ে ৰিপুন বৰাক মৰিলেও দলত ঠাই নিদিয়ে বাবেই, ৰিপুন বৰাই বাধ্যত পৰি আন দলত সোমাই আছে ৷ সেয়া তেওঁৰ কথা আৰু কামৰ মাজেদি মোৰ চকুত ধৰা পৰি গৈছে ৷

হিমন্তই এষাৰ কথা কৈছিল ৷ যে ৰিপুন বৰা তেওঁৰ মানুহ ৷ কথাষাৰ মোৰ দৃষ্টিত সত্য প্ৰমাণিত হ’ল ৷

এটা উদাহৰণ—

কিছুদিনৰ আগতে ছোনীয়া গান্ধী অসুস্থ হৈ হস্পিটেলত আছিল ৷ মই এটা Post দিছিলো ৷ মোৰ অনুভৱত ছোনীয়া গান্ধী ভাৰতৰ শ্ৰেষ্ঠতম মহিলা ৷ মই যি দলতেই থাকো সেয়া মোৰ মনত সদায় থাকিব ৷ কাৰণ ছোনীয়া গান্ধীক মই তেওঁৰ বিশাল ব্যক্তিত্ব আৰু সীমাহীন ত্যাগৰ বাবে শ্ৰদ্ধা কৰোঁ ৷ ৰাজনীতিক হিচাপে নহয়, মহিলা হিচাপে সকলো জীৱিত ভাৰতীয় মহিলাৰ ভিতৰত তেওঁ শ্ৰেষ্ঠ মোৰ দৃষ্টিত ৷ মাদাৰ টেৰেছাৰ পাছতে মই ভালপাওঁ ছোনীয়া গান্ধীক ৷ তেওঁৰ অসুস্থতাত আশু আৰোগ্য কামনা কৰি দিয়া Post ৰ বাবে, মই সাৱধান বানীৰ মেছেজ পাইছিলো অসম তৃণমূলৰ পৰা ৷ ভৱিষ্যতে এনে কাম কৰিলে, দলীয় অনুশাসনমূলক ব্যৱস্থা লোৱাৰ ধমকি দিয়া হৈছিল।

সেই দিনা মোৰ ঘৃণা উপজিছিল ৰিপুন বৰালৈ ৷ মই কোনোদিন কংগ্ৰেছী নাছিলো ৷ মানুহ হিচাপে এগৰাকী অসুস্থ মহিলাৰ আশু আৰোগ্য কামনা কৰি, তেওঁৰ প্ৰতি থকা সন্মান প্ৰদৰ্শন কৰাতো মোৰ মানৱীয়তা আছিল ৷ কংগ্ৰেছৰ পৰা আজিলৈকে মই একো সুবিধা পোৱা নাই ৷ বিচৰাও নাই ৷ আশাও কৰা নাই ৷ কিন্তু ৰিপুন বৰাৰ ঘৰলৈ আজিৰ তাৰিখতো কংগ্ৰেছৰ দয়াত, মাহে কমেও তিনিলাখ টকা পেঞ্চন হিচাপে আহে ৷

১/ প্ৰাক্তন অসম চৰকাৰৰ কংগ্ৰেছী মন্ত্ৰী ৰিপুন বৰা হিচাপে, অসম চৰকাৰৰ মাহেকীয়া পেঞ্চন ৷

২/ প্ৰাক্তন কংগ্ৰেছী সাংসদ ৰিপুন বৰা হিচাপে, ভাৰত চৰকাৰৰ মাহেকীয়া পেঞ্চন ৷

৩/ গহপুৰৰ প্ৰাক্তন কংগ্ৰেছী বিধায়িকা হিচাপে, ৰিপুন বৰাৰ পত্নী মনিকা বৰালৈ মাহে মাহে অসম চৰকাৰৰ পেঞ্চন ৷

এই তিনিটা পেঞ্চন আজিও পাই থকা ৰিপুন বৰাৰ এই পেঞ্চন কিন্তু, কংগ্ৰেছৰেই অবদান ৷ ৰিপুন বৰাই নিজৰ লগত অনবৰতে পানীৰ বটলৰ ঢাকোনো খুলি দিবলৈ ব্যৱহাৰ কৰা, অসম চৰকাৰৰ নিৰাপত্তাৰক্ষী দুজন কিন্তু কংগ্ৰেছৰেই অবদান ৷ ৰিপুন বৰাৰ গাড়ীৰ দৰ্জা খুলি দিবলৈ লগত খাড়া হৈ থকা, অসম চৰকাৰে যোগান ধৰা নিৰাপত্তাৰক্ষী দুজনো কিন্তু কংগ্ৰেছৰেই অবদান। কাৰণ কংগ্ৰেছে সাংসদ নবনোৱা হ’লে, ৰিপুন বৰাই এই সা-সুবিধাসমূহ নাপালেহেঁতেন ৷

ইয়াৰ পিছতো কংগ্ৰেছৰ অধ্যক্ষা গৰাকীৰ অসুস্থতাত এটা ফেছবুক Post দিয়াৰ বাবে, শিখা শৰ্মাক অনুশাসনমূলক ব্যৱস্থা লোৱাৰ ধমকি ৷ স্বাৰ্থপৰতাৰো এটা সীমা থকা দৰকাৰ ৷ তললৈ নামি যোৱাৰো এটা পৰিসীমা থকা দৰকাৰ ৷ যিখন থালত 40 বছৰৰো অধিক সময় খাই আহিলে, সেইখন থাল ত্যাগ কৰিলেও তাত থুৱাই দিব নাপায় ৷

আৰু বহুত কথা আছে ৷ বহুত মানসিক হাৰাশাস্তিৰ কাহিনী আছে ৷ লিখি থাকিলে শেষ নহ’ব ৷ বহুত কেলেংকাৰীৰ তথ্য আছে ৷ বহুত গোপন কাহিনীৰ সাক্ষী আছে ৷ এইবোৰ এতিয়া নকওঁ ৷ সময় আৰু পৰিস্থিতিয়ে বাধ্য কৰিলেহে ক’ম ৷ থাকক, মানুহক ইমানো নঙঠা নকৰোঁ ৷ প্ৰয়োজন হ’লেহে তথ্যসহ সকলো ফাদিল কৰিম ৷ অন্যথা সেইবোৰ নকওঁ ৷ ওলাই আহিলো ৷ কাম খটম ৷ ৰাইজক মূল কাৰণটো জনালো ৷ কাৰণ এইয়া মোৰ দায়িত্ব। আনবোৰ কথা ক’বলৈ বাধ্য হ’লেহে ক’ম ৷

আজিৰ পৰা TMC ৰ লগত মোৰ কোনো ধৰণৰ সম্পৰ্ক নাই ৷ আজিৰ পৰা মই TMC ক লৈ, কোনো ধৰণৰ লিখনি নিদিওঁ। (যদি দিবলৈ কোনোবাই বাধ্য নকৰে) অৱশ্যে সংবাদ মাধ্যমে বিচাৰিলে এই লিখনিৰ আঁত ধৰি তেওঁলোকক নিশ্চয় ক’ম ৷

TMC ৰ সকলো ধৰণৰ ছচিয়েল মিডিয়া প্লেটফৰ্ম, যেনে “India Wants Mamata Di” আদিৰ লগতো এতিয়াৰ পৰা মোৰ কোনো ধৰণৰ সম্পৰ্ক নাই ৷

মুঠৰ ওপৰত ৰিপুন বৰাৰ লগত কাম কৰিব নোৱাৰি ৷ তেওঁৰ দৰে ভীষণ সাম্প্ৰদায়িক মনোভাৱৰ মানুহৰ লগত কাম কৰাত মোৰ অসুবিধা আছে ৷ আটাইতকৈ ডাঙৰ কথাতো হ’ল যে—

এগৰাকী জাতীয়তাবাদী ব্যক্তি হৈ, মই মোৰ অসমীয়া জাতিৰ ওপৰত বঙালীৰ আগ্ৰাসন নিবিচাৰোঁ ৷ কোনো কাৰণতে নিবিচাৰোঁ ৷ মই অসমত পুনৰ বঙালী ভাষাৰ আধিপত্য নিবিচাৰো ৷ কাৰণ মই মোৰ জাতি আৰু ভাষাটোক ভাল পাওঁ ৷ মই MLA/MP হোৱাৰ স্বাৰ্থত, অসমীয়া জাতি আৰু অসমীয়া ভাষাৰ লগত প্ৰতাৰণা কৰিব নোৱাৰো ৷

(আজিলৈকে কিন্তু TMC দলৰ পৰা, মোৰ পদত্যাগ পত্ৰ Accept কৰাৰ বিষয়ত কোনো মেছেজ মোক নিদিলে)

সেইবুলি মই কিন্তু ৰাজনীতি এৰা নাই আৰু নেৰোঁ ৷ কোন দলত জইন কৰিম, সেয়া মই এতিয়াও ঠিক কৰা নাই ৷ কিন্তু মৰাৰ দিনালৈকে বিজেপিত জইন নকৰোঁ ৷ AGP তো নকৰোঁ ৷ কাৰণ এতিয়া AGP মানেই BJP.

মই 2024 চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদণ্ডিতা কৰিম ৷ মই ৰাজনীতিত থাকিমেই ৷ কাৰণ ৰাজনীতি এচাম সুবিধাবাদীৰ হাতত এৰি দি, সমাজখন ধ্বংস হ’বলৈ দিব আমি নোৱাৰো ৷ ৰাজনৈতিক মঞ্চত থাকি, আমি প্ৰতিবাদী কণ্ঠৰে ৰাইজৰ সমস্যা সমাধান কৰিবলৈ জোৰদাৰ প্ৰচেষ্টা চলামেই ৷ দেশখন আমাৰো ৷ দেশখনক চিজিল লগোৱাৰ দায়িত্ব আমাৰো আছে। সুস্থ ৰাজনীতি ঘূৰাই অনাৰ দায়িত্ব আমাৰো আছে ৷

পাবলিক জিন্দাবাদ

শিখা শৰ্মা, গুৱাহাটী-৫/৯/২০২২।