
নিউজ ডেস্কঃ ৰিচাৰ্জৰ বিসংগতিৰ বাবে এগৰাকী উপভোক্তাক ৰিচাৰ্জৰ ধন ২০ টকাৰ লগতে ক্ষতিপূৰণ আৰু মোকৰ্দমা ব্যয় হিচাপে ৫০০ টকা প্ৰদান কৰিবলগা হ’ল ভাৰতৰ অন্যতম মোবাইল নেটৱৰ্ক কোম্পানী ভাৰতী এয়াৰটেল লিমিটেডে।
দৰাচলতে বাংগালুৰুৰ ডোডকানাল্লিৰ নিৱাসী চাৰ্টাৰ্ড একাউণ্টেণ্ট ফাৰ্মৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী শ্বৰীফে তেওঁৰ এয়াৰটেল নম্বৰত কৰা ৪৯ টকাৰ ৰিচাৰ্জৰ ম্যাদ উকলে ৪ আগষ্ট, ২০২১ত। তাৰ পিছতে তেওঁ ৭ আগষ্টত অনলাইনযোগে পুনৰ ২০টকা ৰিচাৰ্জ কৰে। এই ৰিচাৰ্জৰ পিছত তেওঁ ৰিচাৰ্জ সম্পন্ন হোৱাৰ এটা মেছেজো লাভ কৰে।
তেওঁ কৰা ৰিচাৰ্জটোৰ টক টাইম আছিল ১৪.৯৫ টকা। কিন্তু ৰিচাৰ্জ কৰাৰ দিনাই তেওঁৰ মোবাইল নম্বৰৰ আউটগোয়িং আৰু ইনকামিং কল বন্ধ হৈ পৰে আৰু এয়াৰটেলৰ পৰা তেওঁ এটা মেছেজ লাভ কৰে যে তেওঁ কৰা ৰিচাৰ্জটো অবৈধ।
বাৰে বাৰে চেষ্টা কৰাৰ পিছত আৰু তেওঁৰ ধন হেৰুওৱাৰ পিছত, তেওঁ এক অনলাইন আইনী প্লেটফৰ্মৰ কাষ চাপে আৰু তাৰ পিছত আইনী প্লেটফৰ্মৰ জৰিয়তে নৱেম্বৰ ২০২১ত তেওঁ নামমাত্ৰ মাচুল ব্যয় কৰি উপভোক্তা আয়োগত এক অভিযোগ দাখিল কৰে।
এই অভিযোগৰ ভিত্তিত বাংগালুৰুৰ অতিৰিক্ত জিলা উপভোক্তা বিবাদ নিষ্পত্তি আয়োগে এয়াৰটেলক কেৱল ২০ টকা ঘূৰাই দিয়াৰ নিৰ্দেশ দিয়াই নহয়, লগতে শ্বৰীফক ক্ষতিপূৰণ আৰু মোকৰ্দমা ব্যয় হিচাপে ৫০০ টকা পৰিশোধ কৰিবলৈও নিৰ্দেশ দিয়ে।
সভাপতি এইচ আৰ শ্ৰীনিবাস আৰু সদস্য ৱাইএছ থাম্মান্না আৰু এছ এম শৰাৱতীক লৈ গঠিত আয়োগে কয় যে যদিও অভিযোগকাৰীয়ে এয়াৰটেলৰ সৈতে যোগাযোগ কৰিছে আৰু আইনী জাননী জাৰি কৰিছে, ই অটল হৈ আছে আৰু অভিযোগকাৰীৰ দাবীৰ উত্তৰ দিয়া নাই। ২০ টকাৰ গ্ৰহণযোগ্যতা প্ৰতিষ্ঠানটোৱে স্বীকাৰ কৰিছে আৰু সেয়া মেছেজ প্ৰেৰণ কৰিও নিশ্চিত ৰৰা হৈছে। কিন্তু তাৰ পিছতো ৰিচাৰ্জটোৰ কোনো বৈধতা দিয়া নাই। সেয়ে ৰিচাৰ্জৰ ধন ঘূৰাই দিয়াৰ লগতে উপভোক্তাৰ সময় নষ্ট কৰাৰ বাবে ক্ষতিপূৰণ দিয়াটো এয়াৰটেলৰ দায়িত্ব।
ইফালে শ্বৰীফে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি এই সন্দৰ্ভত কয় যে মানুহে সাধাৰণতে এনে বিষয়ক লৈ চিন্তা নকৰে। কিয়নো এয়া এক সামান্য পৰিমাণৰ ধন। কিন্তু এয়াৰটেলক এটা পাঠ শিকাবলৈ আৰু গ্ৰাহকসকলৰ মাজত তেওঁলোকৰ অধিকাৰৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈকে এই অভিযোগ দাখিল কৰা হৈছিল বুলি মন্তব্য কৰে শ্বৰীফে।