fbpx
অসমীয়াঅসম

ৰাাজনীতিত জ্যেষ্ঠ বিচাৰ কৰা হ’লে এল কে আদৱানী দেশৰ প্রধানমন্ত্ৰী হ’লহেঁতেন! জয়ন্তমল্ল বৰুৱাৰ প্ৰশংসাত পঞ্চমুখ শিলাদিত্যদেৱ

নিউজ ডেস্কঃ ৰাজনীতিত চিনিয়ৰ-জুনিয়ৰ বুলি কোনো কথা নাই। মেট্ৰিক ফেইল কৰা জনো মন্ত্ৰী হব পাৰে আৰু ডক্টৰেট লোৱাজনেও মন্ত্ৰিত্ব লাভ নকৰিব পাৰে। -এই মন্তব্য বিজেপি বিধায়ক শিলাদিত্যদেৱৰ।

আজি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিছত দুগৰাকী বিধায়কে মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে। নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু হাফলঙৰ বিধায়িকা নন্দিতা গাৰ্লোচাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত শপত লয় মন্ত্ৰিত্বৰ।

ইয়াৰ পিছতে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি নতুন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে শিলাদিতদেৱ। সংবাদ মাধ্যমৰ সন্মুখত ব্যক্তিগত বিশ্বাস ব্যক্ত কৰি বিজেপি নেতাগৰাকীয়ে জয়ন্ত মল্ল বৰুৱাৰ প্রশংসা কৰি কয় যে এজন দক্ষ মানুহক মন্ত্ৰিত্ব দিয়া হৈছে আৰু তেওঁ অসমৰ হকে ভালকৈ কাম কৰিব।

ইফালে বিজেপিৰ জ্যেষ্ঠ নেতাক মন্ত্ৰীত্ব প্ৰদান নকৰা প্ৰসংগত মন্তব্য কৰি শিলাদিত্যদেৱে কয় যে ৰাজনীতিত জ্যেষ্ঠ-কনিষ্ঠ বুলি কোনো নাথাকে। মেট্ৰিক ফেইল কৰা জনেও যদি দক্ষ হয়, চতুৰ হয় তেন্তে মন্ত্ৰীত্ব লাভ কৰিব পাৰে আৰু ডক্টৰেট ডিগ্ৰী লোৱাজনেও লাভ নকৰিব পাৰে বুলি মন্তব্য কৰে শিলাদিত্যদেৱে।

যদি ৰাজনীতিত জ্যেষ্ঠতা বিচাৰ কৰা হ’লহেঁতেন, তেন্তে আজি এল কে আদৱানী প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতি হ’লহেঁতেন বুলি মন্তব্য কৰি শিলাদিত্য দেৱে কয় যে মন্ত্ৰিত্ব লাভ কৰিবলৈ হ’লে ভাগ্যৰো প্ৰয়োজন।

তেওঁ সুদীৰ্ঘকাল ৰাজনীতিত থাকি মন্ত্ৰিত্ব কিম্বা সভাপতি-সম্পাদক পদবীও লাভ কৰা নাই বুলি মন্তব্য কৰে শিলাদিত্যদেৱে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!