নিউজ ডেস্কঃ মানহানিৰ গোচৰত জামিন লাভ কংগ্ৰেছ নেতা তথা প্ৰাক্তন সাংসদ ৰাহুল গান্ধীৰ।
১৩ এপ্ৰিললৈকে ৰাহুল গান্ধীৰ জামিন মঞ্জুৰ গুজৰাট আদালতৰ।
২০১৯ চনৰ কৰ্ণাটকৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত মোডী উপাধিক লৈ কৰা মন্তব্যৰ মানহানিৰ গোচৰত জামিন প্ৰদান কৰা হৈছে কংগ্ৰেছ নেতাগৰাকীক।
উল্লেখ্য যে, ৰাহুল গান্ধীক এই মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰি চুৰাট আদালতে প্ৰদান কৰা শাস্তিক প্ৰত্যাহ্বান জনাই চুৰাট অধিৱেশন আদালতত আবেদন দাখিল কৰিছিল কংগ্ৰেছ নেতাগৰাকীয়ে।
সোমবাৰে পুৱা এই গোচৰৰ শুনানিত উপস্থিত হ’বলৈ ভগ্নী প্ৰিয়ংকা গান্ধী বাদ্ৰা আৰু আন কংগ্ৰেছ নেতাৰ সৈতে গুজৰাটত উপস্থিত হয় ৰাহুল গান্ধী।
ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰি চুৰাট আদালতে প্ৰদান কৰা ৰায়দানৰ প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ পৰৱৰ্তী শুনানি অহা ৩ মে’ত গ্ৰহণ কৰিব আদালতে।
স্মৰণীয় যে, মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ২৩ মাৰ্চত গান্ধীক দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।
আনহাতে আদালতে কংগ্ৰেছ নেতাগৰাকীক জামিন মঞ্জুৰ কৰাৰ লগতে উচ্চ ন্যায়ালয়ত আবেদন কৰিবলৈ ৩০ দিনৰ বাবে শাস্তি স্থগিত ৰাখিছিল।
মানহানিৰ গোচৰত চুৰাট আদালতে দোষী সাব্যস্ত হোৱাৰ পিছত ২৪ মাৰ্চত তেওঁক লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিল।