ৰাস মহোৎসৱ আৰু ষঠ পূজাক লৈ ৰাজ্য চৰকাৰৰ বিশেষ SOP…

ৰাস মহোৎসৱ আৰু ষঠ পূজাক লৈ ৰাজ্য চৰকাৰৰ বিশেষ নীতি নিৰ্দেশনা।

নতুন SOP অনুসৰি, ষঠ পূজা অনুষ্ঠিত হ’বলগীয়া নৈ ঘাট সমূহ চিনাক্ত কৰি চেনিটাইজ কৰিব লাগিব।

পূজা কমিটিৰ তৰফৰ পৰা স্বেচ্ছাসেৱক নিয়োগ কৰি কি কৰিব লাগিব, কি কৰিব নালাগিব সেই সম্পৰ্কত জনসাধাৰণক অৱগত কৰিব লাগিব।

ষঠ পূজাৰ সময়ত এটা পৰিয়ালৰ পাঁচজন লোকক ঘাটত উপস্থিত থকাৰ অনুমিত।

ঘাটত উপস্থিত থকা লোক সকলে ক’ভিড প্ৰট’কল মানি চলিব লাগিব।

ষঠ পূজাৰ সময়ত কোনো মেলা বা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব নোৱাৰিব।

পূজা কমিটি সমূহক কোনো অস্থায়ী দোকান পাতিবলৈ অনুমতি নিদিবলৈ নিৰ্দেশ।

পূজা উদ্যোক্তা সমিতিৰ লোক সকল অন্তত এপালি ক’ভিড ভেকচিন গ্ৰহণ কৰা হ’ব লাগিব।

আনহাতে, ৰাস মহোৎসৱ উদযাপন কমিটি সমূহে নিৰ্দিষ্ট জিলা প্ৰশাসনৰ অনুমতি গ্ৰহণ কৰিব লাগিব।

জিলা প্ৰশাসনে ৰাস কমিটিক অনুমতি প্ৰদান কৰাৰ পূৰ্বে ৰাজ্য চৰকাৰৰ নিৰ্দেশনাৱলী সমূহ কমিটিৰ লোকক বুজাই দিব লাগিব।

১০ বছৰৰ তলৰ শিশু আৰু ৬৫ বছৰ উৰ্দ্ধৰ লোক সকলক ৰাস মহোৎসৱত উপস্থিত নাথাকিবলৈ কোৱা হৈছে।

ৰাস মহোৎসৱ আৰম্ভ হোৱাৰ ৪৮ ঘণ্টা পূৰ্বে ৰাস কমিটিৰ সকলো সদস্য আৰু স্বেচ্ছাসেৱকক ক’ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক।

ৰাস মহোৎসৱৰ প্ৰৱেশ পথত যাত্ৰী সকলৰ শৰীৰৰ উষ্ণতা পৰীক্ষা কৰাৰ নিৰ্দেশ।

ৰাস মহোৎসৱ আয়োজক সমিতিয়ে সামাজিক দূৰত্ব মানি চলাৰ বাবে আহল-বহল স্থানৰ ব্যাৱস্থা কৰিব লাগিব।

প্ৰৱেশ আৰু প্ৰস্থান পথ সম্পুৰ্ণ ৰূপে ভিন্ন হ’ব লাগিব।

 মাস্ক পৰিধান নকৰা কোনো লোকক ৰাস মহোৎসৱ থলীত প্ৰৱেশৰ অনুমতি নিদিবলৈ ৰাস কমিটিক নিৰ্দেশ দিয়া হৈছে।  

Leave a Comment