
নিউজ ডেস্কঃ প্ৰচণ্ড বৰষুণৰ বাবে পথৰ ওপৰত গাঁতত বাগৰি পৰা বাইকক মহতিয়াই লৈ গ’ল পিছফালৰ পৰা আহি থকা এখন যাত্ৰীবাহী বাছে।
দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় এজন বাইক আৰোহীয়ে।
এই শোকাবহ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে মুম্বাইৰ থানেৰ ঘোড়বুণ্ডাৰ ৰোডত।
জানিব পৰা মতে, মঙলবাৰে পুৱা প্ৰায় ১১ বজাত এজন বাইক আৰোহীয়ে গৈ থকা সময়তে ঘোড়বুণ্ডাৰ ৰোডৰ এটা গাতত বাগৰি পৰে।
সেই সময়তে পিছফালৰ পৰা আহি থকা এখন বাছে মহতিয়াই লৈ যায় বাইক আৰোহী যুৱকজনক।

দুৰ্ঘটনাৰ পিছত আৰক্ষীয়ে গুৰুতৰভাৱে আহত যুৱকজনক হাস্পতাললৈ লৈ যায় যদিও হাস্পতাল পোৱাৰ পূৰ্বেই মৃত্যু ঘটে বাইক আৰোহী যুৱকজনৰ।
ঘটনা সন্দৰ্ভত কাশিমিৰা আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। প্ৰচণ্ড বৰষুণৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।
প্ৰণিধানযোগ্য যে, বিগত দুদিন ধৰি ধাৰাসাৰ বৃষ্টিপাতৰ কবলত পৰিছে মুম্বাইৰ বৃহৎ এলেকা।
থানে, পালঘৰ, ৰায়গড়, ৰত্নগিৰি আদি বহু অঞ্চলত হৈ থকা প্ৰৱল বৃ্ষ্টিপাতে সৃষ্টি কৰিছে কৃত্ৰিম বানৰো।
লগতে চাওকঃ
