ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতােৰ প্ৰতিযােগিতাত স্বৰ্ণ জয় অসম জীয়ৰী শিৱাংগীৰ

নিউজ ডেস্ক। ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ছিনিয়ৰ একুৱাটিক চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয়েৰে উজলিল অসম জীয়ৰী শিৱাংগী শৰ্মা।

অসমৰ সাঁতোৰবিদ শিৱাংগী শৰ্মাই ৪০০ মিটাৰ ফ্ৰি ষ্টাইলত স্বৰ্ণ জয় কৰে।

photo-2021-10-26-21-55-11

শিৱাংগীয়ে ৪ মিনিট ৩১.৮৬ ছেকেণ্ডত এই সাঁতােৰ সম্পূৰ্ণ কৰি প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখন বাংগালোৰত অনুষ্ঠিত হৈছে।

photo-2021-10-26-21-55-12

শিৱাংগীৰ এই সাফল্যত উৎফুল্লি হৈ পৰিছে অসম দলটোৰ প্ৰধান প্ৰশিক্ষক বাবুল গুৰুঙ।

photo-2021-10-26-21-55-12-2

উল্লেখ্য যে দুবছৰ পূৰ্বে গুৱাহাটীত অনুষ্ঠিত খেলাে ইণ্ডিয়া গেমছত কেইবাটাও পদক জয়েৰে চমক সৃষ্টি কৰিছিল অসমৰ প্ৰতিভাৱান সাঁতােৰবিদ শিৱাংগী শৰ্মাই।

লগতে চাওকঃ

বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ প্ৰথমটাে খেলত দুৰ্দান্ত প্ৰদৰ্শনেৰে জয়লাভ শিৱ থাপাৰ

Leave a Comment