ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা ধাবাত নাৰী দেহ ব্যৱসায়, যুৱতী-মহিলাসহ ৯ জনক গ্ৰেপ্তাৰ…

অপৰাধমূলক কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে আৰক্ষীয়ে।

এইবাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা ধাবাত নাৰী দেহ ব্যৱসায় উৎখাত নগাঁও আৰক্ষীৰ।

সোমবাৰে নগাঁও আৰক্ষীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা এখন ধাবাত অভিযান চলাই চাৰিগৰাকী যুৱতী-মহিলাসহ মুঠ ৯ গৰাকী লোকক গ্ৰেপ্তাৰ কৰে।

নগাঁৱৰ বৰঘাটৰ সমীপৰ ‘জুইহাল’ নামৰ এখন ধাবাত অভিযান চলাই আৰক্ষীৰ দলটোৱে।

সোমবাৰে নিশা অভিযান চলাই ধাবাখনৰ পৰা অসংযত অৱস্থাত ৯ গৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰে।

টুইটযোগে এই কথা জনাই নগাঁও আৰক্ষীয়ে।

উল্লেখ্য যে, ‘জুইহাল’ নামৰ এখন ধাবাত দীৰ্ঘদিনৰ পৰা এটা দুষ্ট চক্ৰই এই অসামাজিক কাৰ্যকলাপৰ বেহা চলাই আছিল।

লগতে চাওকঃ

অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ সৈতে জড়িত ১৫ নম্বৰ অভিযুক্তক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ

Leave a Comment