অসম
ৰাষ্ট্ৰীয় ক্ৰীড়াত দুৰ্দান্ত প্ৰদৰ্শন দুই অসম সন্তানৰ, ১০০ মিটাৰ দৌৰৰ ফাইনেলত প্ৰৱেশ হিমা-অম্লানৰ…

ৰাষ্ট্ৰীয় ক্ৰীড়াত দুৰ্দান্ত প্ৰদৰ্শন দুই অসম সন্তানৰ।
১০০ মিটাৰ দৌৰৰ ফাইনেলত প্ৰৱেশ হিমা দাস আৰু অম্লান বৰগোহাঁই।
গুজৰাটত চলি আছে ৩৬ সংখ্যক নেচনেল গেমছত এই সফলতা হিম-অম্লানৰ।
১০.২৮ ছেকেণ্ডে অভিলেষ স্থাপন কৰি ফাইনেলত প্ৰৱেশ কৰিছে অম্লানে।
আনহাতে মহিলাৰ ১০০ মিটাৰ শাখাত ফাইনেলত স্থান নিশ্চিত কৰিছে ধিং এক্সপ্ৰেছ হিমা দাসে।
অম্লান আৰু হিমাৰ মাধ্যমেৰে এতিয়া দুটাকৈ ভাল খবৰ আহিছে গুজৰাটত চলি থকা ৩৬ সংখ্যক নেচনেল গেমছৰ পৰা।
আজি অনুষ্ঠিত হ’ব ১০০ মিটাৰ দৌৰৰ ফাইনেল খেল।