অসম

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিহুক চূড়ান্ত অপমান, বিকৃত ৰূপত উপস্থাপনৰ অভিযোগ একাংশৰ…

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ বিহুক চূড়ান্ত অপমান।

দেশৰ ৰাজধানী দিল্লীত চৰকাৰী অনুষ্ঠানতেই বিহু নৃত্যক কৰা হ’ল ভুলকৈ উপস্থাপন।

ঢোল, ঢুলীয়া-নাচনীৰ পোছাকক লৈও ৰাজ্যজুৰি সৃষ্টি হৈছে বিতৰ্কৰ।

মালদ্বীপৰ ৰাষ্ট্ৰপতিক আদৰণিৰ সময়ত বিহুক বিকৃত ৰূপত উপস্থাপনৰ অভিযোগ একাংশৰ।

উল্লেখ্য যে, সোমবাৰে মালদ্বীপৰ ৰাষ্ট্ৰপতি চাৰিদিনীয়া দিনীয়া কাৰ্যসূচীৰে উপস্থিত হয় ভাৰতত।

দিল্লীৰ পালম বিমানবন্দৰত (Palam airport)ত মালদ্বীপৰ ৰাষ্ট্ৰপতি অৱতৰণ কৰাৰ সময়ত বিহুৰে জনোৱা হৈছিল আদৰণি।

কিন্তু আদৰণি অনুষ্ঠানত বিহুক বিকৃত ৰূপত উপস্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছে।

যাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

Related Articles

Back to top button