অসম

ৰাষ্ট্ৰীয় ছিনিয়ৰ সাতোৰ চেম্পিয়নশ্বিপত উজলিল অসমৰ দুই কন্যা, আস্থা আৰু শিৱাংগীৰ অভিলেখ…

গুৱাহাটীত সফল ভাৱে সামৰনি পৰিল ৭৫ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ একুৱেটিক চেম্পিয়নশ্বিপ ২০২২।

গুৱাহাটীৰ সৰু সজাইৰ ড: জাকিৰ হুছেইন একুৱেটিক চেন্টাৰত অনুষ্ঠিত দেশৰ আটাইতকৈ সম্মানীয় সাতোৰ প্ৰতিযোগিতাখনত উজলি উঠিছে অসমৰ কেইবাজনো খেলুৱৈ।

বিশেষভাৱে উজলি উঠিছে দুই তাৰকা খেলুৱৈ আস্থা চৌধুৰী আৰু শিৱাংগী শৰ্মাই।

৯ ছেপ্টেম্বৰত অসম কন্যা আস্থা চৌধুৰীয়ে ১.০৩.০৭ মিনিট সময়েৰে নতুন ৰাষ্ট্রীয় অভিলেখ গঢ়ে।

আনহাতে মহিলাৰ ১০০ মিটাৰ বাটাৰ ফ্লাই ইভেণ্টত স্বৰ্ণ পদক লাভ কৰে আস্থাই।

ইয়াৰ উপৰিও অসম কন্যা আস্থাই ২০০৯ চনৰ আৰ্হাথা মেঘাবীৰ ১৩ বছৰীয়া অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়।

আনাহতে, অসম কন্যা শিৱাংগী শৰ্মাই ১০০ মিটাৰ ফ্ৰী ষ্টাইল শাখাত ৫৭.৭৩ ছেকেণ্ড সময়েৰে স্বৰ্ণ জয় কৰাৰ লগতে এক নতুন ৰাষ্ট্ৰীয় ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়।

এই প্ৰতিযোগিতাত অসমে ৩টা স্বৰ্ণ পদক, ৪টা ৰূপ আৰু ১১টা ব্ৰঞ্জ পদক জয়েৰে তালিকাৰ ষষ্ঠ স্থান দখল কৰে।

খেলৰ শেষত বঁটা সমুহ বিতৰন কৰে অসম চৰকাৰৰ ছাত্ৰ ক্ৰীড়া কল্যান উপদেষ্টা পৰিষদৰ সদস্য সচিৱ গীতাৰ্থ গোস্বামী আৰু মিষ্টাৰ ইন্ডিয়া বিজিত গগৈয়ে।

Related Articles

Back to top button