ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড খুন্দা বাইক আৰোহীৰ, নিহত দুজন…

ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা ট্ৰকত প্ৰচণ্ড খুন্দা বাইক আৰোহীৰ।

যাৰ ফলত মৃত্যুক সাৱটি লয় দুজনকৈ লোকে।

ধেমাজিৰ চিলাপথাৰৰ অকাজানত যোৱা নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনাটো।

অকাজানৰ সমীপৰে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা RJ14GB7907 নম্বৰ গাড়ীখনত ASS22A/0882 ৰে আৰ্নেচাপৰিৰ অহা বাইকখন খুন্দা মাৰৰ ফলতে এই দুৰ্ঘটনাটো হয়।

এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হয় কঠালগুৰি মিচিং গাওঁৰ প্ৰদীপ মেদক (৪২) নামৰ এজল লোক।

আনহাতে ধুনমুন মালা (৩০) নামৰ আন এজনক সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় যদিও আধা বাটতে মৃত্যু হয় লোক জনৰ।

Leave a Comment