fbpx
অসম

ৰাষ্ট্ৰীয় ঘাইপথত বাইক আৰু ট্ৰাকৰ মাজত ভয়ংকৰ সংঘৰ্ষ, থিতাতে নিহত এজন…

দৰং জিলাৰ দলগাঁৱত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দূৰ্ঘটনা।

দূৰ্ঘটনাটোৰ ফলত থিতাতে নিহত এজন বাইক আৰোহী।

আনহাতে গুৰুতভাবে আহত হৈছে দুজনকৈ লোক।

দলগাঁও বুঢ়িগাঁও মাদ্ৰাছাৰ সন্মুখত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

জানিব পৰা মতে এএছ১৩ পি৫৭২১ নম্বৰৰ আপাচি বাইকখনে খাৰুপেটীয়াৰ পৰা দলগাঁও অভিমুখে আহি থকা অৱস্থাতে দলগাঁৱৰ পৰা খাৰুপেটীয়া অভিমুখে আহি থকা এএছ ২৫চি চি৪৫৫৫ নম্বৰৰ ট্ৰাকখনৰ সৈতে সংঘৰ্ষ হয়।

যাৰ ফলতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

আহত দুজনৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!