অসম
ৰাষ্ট্ৰীয় উদ্যানত এনকাউন্টাৰ! বনকৰ্মীৰ গুলীত নিহত এজন চোৰাংচিকাৰী…

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলীৰ ঘটনা।
বনকৰ্মীৰ গুলীত নিহত এজন চোৰাংচিকাৰী।
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মাজনিশা চোৰাংচিকাৰী আরু বন সুৰক্ষা কৰ্মীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী।
যাৰ ফলত বনকৰ্মীৰ গুলীত নিহত হয় এজন চোৰাংচিকাৰীৰ।
উদ্যানৰ কাছমাৰী আৰু চন্দনপুৰ বন শিবিৰ মাজত সংঘটিত হয় গুলীয়াগুলীৰ ঘটনা।
নিহত চিকাৰীটোৰ পৰা এখন দা আৰু কিছু খাদ্য সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে।
ঘটনাৰ বিষয়ে খবৰ লাভৰ পাছতে ঘটনাস্থলিত উপস্থিত হৈছে বন আৰু আৰক্ষী বিভাগৰ শীৰ্ষ বিষয়া।
নিহত চিকাৰীৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই।