অহা ৪ মে’ত অসমলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।
সেই উপলক্ষে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলে ৪ মে’ বুধবাৰে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়নত (বি টি আৰ) স্থানীয় বন্ধ ঘোষণা কৰিছে।
বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক বাৰ্ষিক অধিৱেশন উপলক্ষে ৪ মে’ত অধিৱেশনৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।
বিটিআৰলৈ ৰাষ্ট্ৰপতিৰ আগমনৰ বাবেই বিটিআৰ প্ৰশাসনে উক্ত দিনটোত বিটিআৰ এলেকাৰ সকলো চৰকাৰী কাৰ্যলয়ৰ লগতে শৈক্ষিক প্ৰতিষ্ঠানো বন্ধ ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।
অৱশ্যে অত্যাৱশ্যকীয় সেৱা আৰু চলিত ব’ৰ্ড পৰীক্ষাৰ সৈতে সম্পৰ্কিত কাৰ্যালয় আৰু প্ৰতিষ্ঠানবোৰক বন্ধৰ আওতাৰ পৰা ৰেহাই দিয়া হৈছে।
উল্লেখ্যে যে, তামুলপুৰৰ কচুবাৰীৰ গৌজন পথাৰত ২,৩ আৰু ৪ মে’ত বণাৰ্ঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন।
ইয়াৰে ৪ মে’ত অনুষ্ঠিত হ’ব অধিৱেশনৰ মূল সভা। এই সভাত ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও অংশগ্ৰহণ কৰিব।
লগতে চাওকঃ
মানৱদৰদী ৰতন টাটালৈ সন্মান! অসমীয়া যুৱকে সাজি উলিয়ালে ৰতন টাটাৰ প্ৰতিমূৰ্তি…