ৰাষ্ট্ৰপতিৰ অসম আগমন! ২৫ ফেব্ৰুৱাৰীত মহানগৰীৰ বাবে বিশেষ পথ নিৰ্দেশনা…

২৫ ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।
ৰাষ্ট্ৰপতিৰ আগমনৰ প্ৰাকমুহূৰ্তত কেতবোৰ নীতি–নিৰ্দেশনা আগবঢ়াইছে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই।
২৫ ফেব্ৰুৱাৰীৰ পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ আগবঢ়োৱা হৈছে বিশেষ নিৰ্দেশনা।
সংবাদমেলযোগে নীতি নিৰ্দেশনাৰ বিষয়ে অৱগত কৰে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেবাশিস শৰ্মা আৰু উপ–আৰক্ষী আয়ুক্ত (যান বাহন শাখা) হিৰণ্য বৰ্মনে।
AT ৰোড, MG ৰোড, তৈয়বুল্লা পথ, বি বৰুৱা ৰোড, GS ৰোড, পাঞ্জাবাৰী ৰোডত বন্ধ থাকিব বাণিজ্যিক বাহনৰ চলাচল।
২৫ ফেব্ৰুৱাৰীত কামাখ্যা দৰ্শনৰ বাবে মালিগাঁও হৈ নতুনকৈ বনোৱা পথেৰে যাব লাগিব।
পুৱা ৬.৩০ৰ পৰা ২ বজালৈ এই নিষেধাজ্ঞা প্ৰযোজ্য হ’ব।
২৫ ফেব্ৰুৱাৰীত দিনৰ ১১:২০ৰ পৰা ১২:১৫ বজালৈ সাধাৰণ ৰাইজে বিমানবন্দৰৰ পৰা কামাখ্যালৈ গাড়ী চলাচল নকৰিলে ভাল।
সন্ধিয়া ৫ বজাৰ পৰা ৬:৪৫ বজালৈ জি এছ ৰোড ৰাষ্ট্ৰপতিৰ বাবে ব্যস্ত থাকিব।
সেই সময়ত সৰ্বসাধাৰণ লোকে বিকল্প পথ ব্যৱহাৰ কৰিবলৈ অনুৰোধ উপ–আৰক্ষী আয়ুক্ত (যান বাহন শাখা) হিৰণ্য বৰ্মনে।
ছয় মাইলৰ উৰণীয়া সেঁতুৰ তলৰ মাছ, ফল–মূলৰ দোকান সেইদিনা বন্ধ ৰাখিবলৈ অনুৰোধ জনাই পৌৰ নিগমৰ আয়ুক্তই।
ৰাষ্ট্ৰপতি যিটো পথেৰে অহা যোৱা কৰিব সেই পথৰ দুয়ো দিশ সকলোৱে পৰিস্কাৰ কৰি ৰখাৰ আহ্বান জনায়।