ৰাতি গৃহস্থৰ ঘৰত প্ৰৱেশ কৰি চুৰি কৰি নিছিল মহিলাৰ কাপোৰ! এটা দশকৰো অধিক কাল সন্ত্ৰাস চলোৱা ‘নাঙঠ চোৰ’ অৱশেষত গ্ৰেপ্তাৰ…

নিউজ ডেস্কঃ ৰাতি ৰাতি খিৰিকি ভাঙি গৃহস্থৰ ঘৰত প্ৰৱেশ কৰি লুটপাত চলোৱা এজন গভাইত চোৰত অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল আৰক্ষীয়ে।

দীৰ্ঘদিন ধৰি আৰক্ষীৰ বাবেও মূৰৰ কামোৰণি হৈ পৰিছিল এই গভাইত চোৰটো।

উলংগ হৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰা এই চোৰটোৱে প্ৰধান চুৰি কৰা সম্পদ আছিল মহিলাৰ কাপোৰ।

তাৰোপৰি গৃহস্থৰ ঘৰৰ সোণ-ৰূপৰ গহনা আৰু মূল্যবান সামগ্ৰীও চুৰি কৰি নিছিল চোৰটো।

বিগত প্ৰায় এটা দশক ধৰি কেৰালাৰ পলাক্কাড চহৰত সন্ত্ৰাস চলাই অহা এই গভাইত চোৰটোক অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় কেৰালা আৰক্ষীয়ে।

‘নাঙঠ চোৰ’ হিচাপে পৰিচিত এই গভাইত চোৰটোৰ প্ৰকৃত নাম চেম্বলোড মহানন বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মহাননে উলংগ হৈ গোটেই শৰীৰত তেল সানি গৃহস্থৰ ঘৰত প্ৰৱেশ কৰিছিল।

চোৰটোৱে মূলতে চুৰি কৰিছিল মহিলাৰ কাপোৰ-কানি।

পূৰ্বেও কেইবাবাৰো আৰক্ষীৰ হাতত ধৰা পৰিও কোনোমতে পলায়ন কৰিবলৈ সক্ষম হোৱা এই গভাইত চোৰটোক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে।