ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকঃ অসম আৰক্ষীৰ উপ অধীক্ষক হ’ব লাভলীনা বৰগোহাঁই…

বৃহস্পতিবাৰে কইনাধৰাত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।

বৈঠকত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ সংবাদমেলযোগে সদৰি কৰে মন্ত্ৰী ৰণোজ পেগুৱে।

সেই অনুসৰি, লাভলীনা বৰগোঁহাইক অসম আৰক্ষীৰ উপ অধীক্ষক হিচাপে নিযুক্তি দিবলৈ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে।

অলিম্পিকত ব্ৰঞ্জৰ পদক বুটলি সমগ্ৰ দেশকেই গৌৰাৱাম্বিত কৰা অসম কন্যা লাভলীনা বৰগোঁহাইক আৰক্ষীৰ উপ অধীক্ষক হিচাপে নিযুক্তি দিয়া হ’ব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে।

সেই ঘোষণাৰ পাছত আজি আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি কইনাধৰাত অনুষ্ঠিত কেবিনেট বৈঠকত ইয়াৰ চূড়ান্ত ছীল-মোহৰ মৰা হয়।

লগতে শিক্ষক কৰ্মচাৰী সকলৰ বাবে ভাল খবৰ৷

অৱসৰৰ পাছতে এতিয়াৰে পৰা শিক্ষক সকলে লাভ কৰিব পাৰিব পেঞ্চন৷ কৃতজ্ঞতা নামৰ এপচৰ জৰিয়তে আৱেদন কৰি লাভ কৰিব পাৰিব এই সুবিধা৷

পেঞ্চনৰ কাগজ সচিবালয়লৈ পঠিয়াব নালাগে৷ কৃতজ্ঞতা এপচত আৱেদন কৰিলেই হ’ব৷ ইয়াৰ বাবে এমট্ৰনে প্ৰতিখন জিলাত একোটাকৈ পেঞ্চন সেৱা কেন্দ্ৰ স্থাপন হ’ব বুলিও সিদ্ধান্ত গ্ৰহণ কেবিনেটত।

ধান ক্ৰয় কৰাৰ ক্ষেত্ৰত মিনিমাম চাপ’ৰ্ট প্ৰাইচৰ বাবে ৱৰ্কিং কেপিটেলৰ বাবে ১৬০ কোটি টকাৰ ধাৰ্য কৰিছে৷

১৮ খনৰ পৰা ২২ খনলৈ বৃদ্ধি ডেওৰী অট’নমাচ কাউন্সিলৰ আসন৷ ফৰেষ্ট গাৰ্ডৰ পৰা আৰম্ভ কৰি দেপুটি ৰেঞ্জাৰ সকলক সমহাৰত ইউনিফৰ্ম প্ৰদান কৰা হ’ব

Leave a Comment