অসম

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকঃ মহাৰাষ্ট্ৰত নামঘৰ, কনফাৰেন্স হ’ল, গেষ্ট হাউছ, মিউজিয়াম স্থাপনৰ সিদ্ধান্ত

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।

জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অধ্যক্ষতাত অনুষ্ঠিত হয় কেবিনেট বৈঠক।

কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

কেবিনেট বৈঠকৰ পিছতে সংবাদমেলযোগে সিদ্ধান্ত সমূহ অৱগত কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি অসম চৰকাৰে মহাৰাষ্ট্ৰৰ ভিলেজ তিৱাৰী নামৰ ঠাইত মাটি কিনি নামঘৰ, কনফাৰেন্স হ’ল, গেষ্ট হাউছ আৰু মিউজিয়াম স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে।

লগতে নবী মুম্বাইত অসম কমপ্লেক্স নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে।

অসমত স্থাপন কৰা হ’ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়।

স্থায়ী ঠিকনা নোহোৱালৈকে National forgensic science acadamy GMCH তে চলি থাকিব।

নিযুক্তিৰ পৰা ৰৈ যোৱা ৫৫ জন চিভিল ইঞ্জিনীয়াৰক পুনৰ নিযুক্তি দিয়াৰ সিদ্ধান্ত।

assam arial ropeway bill 2022 নামৰ এখন বিলত অনুমোদন চৰকাৰৰ।

EWS সন্দৰ্ভতো কেবিনেট গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

গাঁৱত ৩০ বিঘাৰ তলত মাটি থকা, বছৰি আয় ৮ লাখৰ তলত লোকে এই সুবিধা লাভ কৰিব।

আনহাতে নগৰাঞ্চলত ২ বিঘাৰ তলত আৰু ৮ লাখ টকাৰ কম আয় হ’লে তথা চহৰত ৮৬৪০ বৰ্গফুট মাটি, ২০০০ বৰ্গফুটৰ ঘৰ থাকিলেও আয় ৮ লাখৰ তলত হ’লে পাব EWSৰ সুবিধা।

Related Articles

Back to top button