ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক, লোৱা হ’ল এইসমূহ গুৰুত্বপূৰ্ণ সিদ্ধান্ত…

নতুন চৰকাৰে দায়িত্ব লোৱাৰ পিছত ৫০ সংখ্যক কেবিনেট বৈঠক আজি তেজপুৰত অনুষ্ঠিত হয়।
গুৱাহাটীৰ বাহিৰত চতুৰ্থখন কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰে।
মুখ্যমন্ত্ৰীয়ে জুলাইত শিলচৰত আৰু আগষ্টত কোকৰাঝাৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰা হ’ব বুলি জানিবলৈ দি এতিয়ালৈ কেবিনেটত ৬০০ সিদ্ধান্ত লোৱা হৈছে বুলি উল্লেখ কৰে।
এই ৬০০ সিদ্ধান্তৰ কিমানখিনি কাৰ্যকৰী কৰা হৈছে সেই সন্দৰ্ভত জনাবলৈ চন্দ্ৰমোহন পাটোৱাৰীৰ নেতৃত্বত সৰু কমিটি গঠন কৰা হৈছে আৰু পৰৱৰ্তী কেবিনেটত ইয়াৰ ৰিপ’ৰ্ট দিয়া হ’ব।
এই বৈঠকত ৰাজ্যৰ জনসাধাৰণৰ সামগ্ৰিক বিকাশৰ দিশত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হয়।
আজিৰ কেবিনটে লোৱা সিদ্ধান্ত সমূহ হৈছে-
কেবিনেটৰ বিশেষ সিদ্ধান্ত অনুসৰি নতুন দলং নিৰ্মাণ হ’ব লক্ষিমপুৰ আৰু ঢকুৱাখানাৰ মাজত। ঘুণাসুঁতিৰ ওপৰত নিৰ্মাণ হব এই দলং। ইয়াৰ বাবে ৩৮৩ কোটি টকাৰ অনুমোদন । এই দলঙৰ ফলত পূৰ্বৰ ৭১ কিলোমিটাৰ দূৰত্ব দলং নিৰ্মাণ হলে মাত্ৰ ২৩ কিলোমিটালৈ হ্ৰাস হব।
বাক্সা জিলাৰ তামুলপুৰ আৰু বৰমাক এখন দলঙেৰে সংযোগ কৰাৰ বাবে পাগলাদিয়া নৈৰ ওপৰত দলং নিৰ্মাণ হব। ইয়াৰ বাবে ২৪৭ কোটি টকাৰ অনুমোদন।
লাচিত বৰফুকনৰ ৪০০তম জন্ম জয়ন্তী উপলক্ষে ১৫০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ সিদ্ধান্ত।
মৰা ভৰলু নৈ নতুনকৈ খান্দি ইয়াক ন ৰূপ দিয়াৰ বাবে আজিৰ কেবিনেটে ১৫ কোটি টকাৰ অনুমোদন দিয়ে
গুৱাহাটীত একেলগে ৫ হাজাৰ মানুহে বহিব পৰাকৈ প্ৰেক্ষাগৃহ নিৰ্মাণৰ পৰিকল্পনা। এই প্ৰকল্পৰ বাবে ১৮৫ কোটি টকাৰ অনুমোদন।
আলাবৈ ৰণৰ স্মৃতি ক্ষেত্ৰ নিৰ্মাণৰ বাবে ১৫০ কোটি টকাৰ অনুমোদন। এই প্ৰকল্পতেই ১০০ ফুট দৈৰ্ঘৰ এখন হেংদাঙো নিৰ্মাণ হব। ১৩০ বিঘা মাটিকালিত নিৰ্মাণ হব এই এই প্ৰকল্প।
১৯৯২ চনতে বিভিন্ন জিলাৰ পৰা মাটিৰ আবণ্টনক লৈ মুঠ ১০৩৭ টা প্ৰস্তাৱ দিছপুৰতে আবদ্ধ হৈ আছিল। আজিৰ কেবিনেটে এইসমূহ প্ৰস্তাৱত অনুমোদন দিয়ে।
অমৃত সৰোবৰ নিৰ্মাণৰ বাবে ৩৫০ কোটি টকা মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়নৰ যোজনাৰ পৰা অনুমোদন দিয়ে।
পৌৰ নিগম-নিকায়ৰ মুখ্য কাৰ্যবাহী, অভিযন্তা, গাণনিক বিষয়াক চৰকাৰে নিযুক্তো দিব। তেওঁলোকৰ বদলিকৰণো হ’ব। দৰমহা চৰকাৰে দিব।
সৌৰশক্তি আহৰণৰ বাবে অসমত ১০০০ মেগাৱাট নতুন সৌৰশক্তি প্ৰকল্প নিৰ্মাণ কৰা হ’ব। প্ৰায় ৫০০০ কোটি টকা বিনিয়োগ হ’ব এই প্ৰকল্পত। অসমৰ বিভিন্ন ঠাইৰ চৰকাৰী ভূমিত এই প্ৰকল্পসমূহ নিৰ্মাণ হ’ব।
শক্তি বিভাগলৈ বৈদ্যুতিক মিটাৰ,ট্ৰান্সফৰ্মাৰ আদি যোগানৰ বাবে কেবিনেটৰ ৮,৭২৭ কোটি টকা অনুমোদন। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যৌথভাৱে প্ৰদান কৰিব পুঁজি।
গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ নামত সমিতি গঠন হ’ব। ইয়াত এজন এচিএছ বিষয়াক নিযুক্ত কৰা হ’ব।
আনহাতে তেজপুৰক লৈ কেবিনেটৰ সিদ্ধান্তসমূহ–
তেজপুৰৰ মিছন চাৰিআলি উৰণীয়া সেতুৰ Revised অনুমোদন দিয়া হৈছে। পূৰ্বতকৈ দীঘল হ’ব সেতুখন। যাৰ বাবে প্ৰায় ৫০০ কোটি টকা ব্যয় হ’ব।
বাণ থিয়েটাৰৰ উন্নয়নৰ বাবে ৪ কোটি টকা অনুমোদন
তেজপুৰৰ বৰপুখুৰী উন্নয়নৰ বাবে ১৬ কোটি টকা অনুমোদন
তেজপুৰৰ জে’ল চাৰিদুৱাৰলৈ স্থানান্তৰ হ’ব। সেই স্থানত জ্যোতি-বিষ্ণু-ফণী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত কেবিনেটৰ। বৰ্তমানৰ জে’লৰ ৬৪ বিঘা মাটিত হ’ব এই প্ৰকল্প।
তেজপুৰৰ লিচু লণ্ডনলৈ যাব। বৰ্তমান লিচু যোগান ধৰা অগ্নিগড় FPCৰ বাবে Processing Plant নিৰ্মাণ কৰিবলৈ কেবিনেটে অনুমোদন দিব।