অসম

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকঃ সংখ্যালঘুৰ বাবে প্ৰমাণপত্ৰ দিব চৰকাৰে…

দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।

অসম চৰকাৰৰ কেবিনেট বৈঠকত লোৱা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

বৈঠকৰ পিছতে কেবিনেট মন্ত্ৰী কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰি কেবিনেটত লোৱা সিদ্ধান্তৰ সন্দৰ্ভত সদৰি কৰে।

সেই সিদ্ধান্তসমূহ হৈছে-

সংখ্যা লঘু সকলক প্ৰথমবাৰৰ বাবে সংখ্যালঘূৰ প্ৰমাণ পত্ৰ দিয়াৰ সিদ্ধান্ত। মুছলিম, খ্ৰীষ্টান, জৈন, পাৰ্চী, শিখ আৰু বুদ্ধ ধৰ্মৰ লোক সকলে লাভ কৰিব প্ৰমান পত্ৰ। সংখ্যালঘু চিনাক্তকৰণৰ বাবে এই প্ৰমাণ পত্ৰ দিয়াৰ সিদ্ধান্ত অসম চৰকাৰৰ।

চাহ বাগিছাৰ মাটি অধীগ্ৰহণ কৰিলে ক্ষতিপূৰণৰ ১০ শতাংশ ধন শ্ৰমিকসকলৰ পুনৰসংস্থাপনৰ বাবে প্ৰদান কৰা হ’ব। মালিক পক্ষই চৰকাৰৰ পৰা সেই টকা লৈ দিব লাগিব শ্ৰমিকক। অসম চাহ নিগমৰ শ্ৰমিক সকলৰ ১৪২কোটি ৫লাখ টকা পি এফত জমা দিবৰ বাবে মুকলি।

চাহ বাগিচাত ইক’ টুৰিজিম হিচাপে গঢ়িবলৈ অতিৰিক্তভাৱে ৫ শতাংশ অঞ্চল ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান। বাগিছাৰ কোম্পানী বা মালিকপক্ষ বা চৰকাৰী পক্ষৰ সৈতে সংযুক্ত বাহিৰে আনক দায়িত্ব বা লীজত দিব নোৱাৰিব।

দল’ চাহবাগিছাৰ ১২৬৩গৰাকী শ্ৰমিকক গুড উইল গ্ৰাণ্ট হিচাপে ১ লাখ টকাৰ এককালীন সাহাৰ্য্য।

ডিমা হাছাওৰ বাবে অৰ্থনৈতিক পেকেজ ঘোষণাৰ কৰিবৰ বাবে কেবিনেটে মুখ্যমন্ত্ৰী আহ্বান জনায়।মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব।

অমৃত সৰোবৰক পূৰ্ণ ৰূপ দিয়া হৈছে। ৩হাজাৰ ৭টা পুখুৰী খন্দাৰ বাবে চিনাক্ত কৰা হৈছে। ১ হাজাৰ ২০৮কোটি ৩৭ লাখ ধাৰ্য কৰা হৈছে আৰু অহা বৰ্ষৰ ২৬জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হব। একোটা পুখুৰীৰ নিৰ্মাণৰ বাবদ খৰছ হ’ব ২৪ লাখকৈ টকা।

ড৹ বাণিকান্ত কাকতি কম্পিউটাৰ সাহাৰ্য আঁচনিৰ অন্তৰ্গত ১৩২৮ গৰাকী শিক্ষকলৈ চিলিং ফ্ৰী কৰি দিয়া হৈছে। এতিয়াৰে পৰা নিয়মিত দৰমহা লাভ কৰিব।

২৮৮ অসম আন্দোলনৰ নিৰ্যাতিত ব্যক্তি, ৫৭ গৰাকী মহিলাক ২ কোটি টকাৰ এককালীন সাহাৰ্য্য। ১০ ডিচেম্বৰত শ্বহীদ দিৱসৰ দিনা প্ৰদান কৰা হ’ব এই সাহাৰ্য্য।

কেঁচা পাতৰ টেক্স তিনি বছৰৰ বাবে ৰেহাই।

Related Articles

Leave a Reply

Back to top button