ৰাজ্যৰ ৰাজনীতিত ধুমুহা! শীঘ্ৰে কংগ্ৰেছৰ ৮ গৰাকী বিধায়কে যোগদান কৰিব বিজেপিত…!

ৰাজ্যৰ ৰাজনীতিৰ ডাঙৰ খবৰ!
শীঘ্ৰে কংগ্ৰেছৰ ৮ গৰাকী বিধায়কে যোগদান কৰিব বিজেপিত।
ডিব্ৰুগড়ৰ জ্যেষ্ঠ বিজেপি বিধায়ক প্ৰশান্ত ফুকনে উত্থাপন কৰিছে এই দাবী।
উল্লেখ্য যে, অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত ক্ৰমাৎ শক্তি দুৰ্বল হৈ পৰিছে কংগ্ৰেছৰ। এজনৰ পিছত আন এজনকৈ কংগ্ৰেছ নেতাই দল ত্যাগ কৰি চামিল হৈছে বিজেপিত।
শেহতীয়াকৈ বিধায়ক প্ৰশান্ত ফুকনৰ এই বক্তব্যই ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিছে।
শেহতীয়াকৈ অনুষ্ঠিত বিধাসভাৰ নিৰ্বাচনত ২৯ জনকৈ বিধায়ক অসম বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পিছত কংগ্ৰেছ দলটোৰ ২জন বিধায়কে আনুষ্ঠানিক ভাৱে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰায়েই নহয়, উপ-নিৰ্বাচনত বিজেপিৰ টিকটত বিজয় সাব্যস্ত কৰি মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু থাওৰাৰ বিধায়কক সুশান্ত বৰগোঁহাই পুনৰ বিধানসভাৰ মজিয়াত প্ৰৱেশ কৰিলে।
শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা ৰাজ্য সভা আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনতো বিজেপি মিত্ৰযোঁটৰ প্ৰাৰ্থীক ভোট দান কৰাৰো অভিযোগ আছে কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে।
এনে পৰিস্থিতিত বিধায়ক প্ৰশান্ত ফুকনে ৮ গৰাকীকৈ কংগ্ৰেছ বিধায়কে বিজেপিত যোগদান কৰিব বুলি মুকলিকৈ কোৱাৰ পিছতে ৰাজনৈতিক মহলত ধুমুহাৰ সৃষ্টি হৈছে।
যদি প্ৰশান্ত ফুকনৰ কথাই শুদ্ধ হয় তেন্তে শীঘ্ৰেই অসমত আকৌ ৮ টাকৈ সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বাট মুকলি হ’ব।
অৱশ্যে এতিয়ালৈ কোন কোন বিধায়ক এই তালিকাত আছে সেই কথা প্ৰকাশ কৰা নাই ফুকনে। চৰ্চাত নন্দিতা দাস, যাদৱ স্বৰ্গীয়াৰী, ভাস্কৰজ্যোতি বৰুৱা, প্ৰদীপ সৰকাৰ, শিৱামণি বৰুৱা, বসন্ত দাস, দিগন্ত বৰ্মন, শশীকান্ত দাস ৷