অসম
ৰাজ্যৰ ৯০৩ টা পৰীক্ষা কেন্দ্ৰত ৪৩২৮৮৪ গৰাকী শিক্ষাৰ্থীৰে অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা…

১৫ মাৰ্চৰ পৰা ৰাজ্যত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা।
ইতিমধ্যে অসম মাধ্যমিক শিক্ষা পৰিষদে পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিছে।
এইবাৰ পৰীক্ষাত মুঠ ৪২১৫৭৮ গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ন হ’ব।
ইয়াৰ ভিতৰত ১৯৬০৬৪ ছাত্ৰ আৰু ২২৫৫১৪ গৰাকী ছাত্ৰী।
আনহাতে অসম হাই মাদ্ৰাছা পৰীক্ষাত মুঠ ১১৩০৬ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ন হ’ব।
ইয়াৰ ভিতৰত ৪২১৮ গৰাকী ছাত্ৰ আৰু ৭০৮৮ গৰাকী ছাত্ৰী।
মুঠ ৪৩২৮৮৪ গৰাকী পৰীক্ষাত অৱতীৰ্ন হ’ব।
আনহাতে এইবাৰ এই পৰীক্ষা মুঠ ৯০৩ টা কেন্দ্ৰত অনুষ্ঠিত হ’ব।
উল্লেখ্য যে, ৩১ মাৰ্চত সমাপ্ত হ’ব পৰীক্ষা।