fbpx
অসমীয়াঅসম

ৰাজ্যৰ ৩১সংখ্যক ৰাজ্যপালৰূপে শপত গ্ৰহণ গুলাব চান্দ কাটাৰিয়াৰ…

নিউজ ডেস্কঃ অসমৰ ৩১সংখ্যক ৰাজ্যপালৰূপে শপত গ্ৰহণ গুলাব চান্দ কাটাৰিয়াৰ।

বুধবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে নৱনিযুক্ত ৰাজ্যপালগৰাকীয়ে।

উল্লেখ্য যে, ৰাজস্থানৰ উদয়পুৰৰ নিৱাসী ৭৮ বৰ্ষীয় কাটাৰিয়াই সদ্য অৱসৰপ্ৰাপ্ত ৰাজ্যপাল জগদীশ মুখীৰ ঠাইত কাৰ্যভাৰ গ্ৰহণ কৰে।

১৯ ফেব্ৰুৱাৰীত ৰাজ্যপালৰ কাৰ্যভাৰ ত্যাগ কৰিছিল অধ্যাপক জগদীশ মুখীয়ে।

অসমৰ ৰাজ্যপালৰূপে নিযুক্ত হোৱাৰ পূৰ্বে গুলাব চান্দ কাটাৰিয়াই ২০১৪ চনৰ পৰা ২০১৮লৈ ৰাজস্থানৰ গৃহমন্ত্ৰী আৰু তাৰ পিছত ৰাজ্য বিধানসভাত বিৰোধী দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

Related Articles

Back to top button