ৰাজ্যৰ স্বাস্থ্য বিভাগত আজৱ কাণ্ড! জৰুৰীকালীন এম্বুলেঞ্চত ৰোগী নহয়, ওলাল পানীৰ পাইপ…

ৰাজ্যৰ স্বাস্থ বিভাগত সংঘটিত হৈছে পুনৰ এক আজৱ কাণ্ড।

এম্বুলেঞ্চত ৰোগী নহয়, এইবাৰ এম্বুলেঞ্চৰ পৰা উদ্ধাৰ হৈছে পানীৰ পাইপ।

যি সময়ত ৰাজ্যত এম্বুলেঞ্চৰ অভাৱত শয্যাগত ৰোগী মৃত্যুমুখত পৰাৰ দৰে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে সেই সময়ত ধেমাজি অসামৰিক চিকিৎসালয়ে জৰুৰীকালীন এম্বুলেঞ্চ ব্যৱহাৰ কৰিছে চিকিৎসালয়খনৰ বয়-বস্তু কঢ়িওৱাৰ কামত।

ধেমাজিত চিকিৎসালয়লৈ ৰোগী কঢ়িয়াই নিয়াৰ পৰিৱৰ্তে ধেমাজিৰ ৰাজপথত দেখা গ’ল ১৫-২० ফুটীয়া পানীৰ পাইপ কঢ়িওৱাৰ কামত ব্যৱহাৰ কৰা এখন এম্বুলেঞ্চ।

ধেমাজি নগৰৰ মাজমজিয়াইদি MH12 TR-DTB-819 নম্বৰৰ এম্বুলেন্সখনে পিভিচি পাইপ কঢ়িওৱাৰ দৃশ্য দেখি হতভম্ব হৈ পৰে সচেতন লোকসকল।

ধেমাজি তাই আহোম ছাত্ৰ সন্থাৰ কৰ্মীয়ে পাইপ ভর্তি এম্বুলেঞ্চখন দেখি চালকক সোধা-পোছা কৰাত চালকৰূপী ধেমাজি অসামৰিক চিকিৎসালয়ৰ জেনেৰেটৰ অপাৰেটৰ ৰবীন গগৈয়ে ধেমাজি অসামৰিক চিকিৎসালয় অধীক্ষকে তেওঁক সামগ্ৰীবোৰ চিকিৎসালয়লৈ এনেদৰে কঢ়িয়াবলৈ নিৰ্দেশ দিয়া বুলি স্বীকাৰ কৰে।

লগতে চিকিৎসালয় কর্তৃপক্ষই দীর্ঘদিন ধৰি ৰোগীৰ পৰিৱৰ্তে এই এম্বুলেঞ্চখনেৰে বিভিন্ন সামগ্রী কঢ়িওৱাৰ লগতে চিকিৎসালয়ৰ বিষয়া-কৰ্মচাৰী অনা নিয়াৰ কামতো ব্যৱহাৰ কৰা হয় বুলি ৰবীন গগৈয়ে জানিবলৈ দিয়ে।

আনহাতে এনেদৰে এম্বুলেঞ্চেৰে ৰোগীৰ পৰিৱৰ্তে পানীৰ পাইপ কঢ়িওৱা কামত ব্যৱহাৰ কৰা কাৰ্যই স্বাস্থ্য বিভাগত চলি থকা চৰম অৰাজকতাকে প্রতিপন্ন কৰিছে।