ৰাজ্যৰ শীৰ্ষ আমােলা ৰাজেশ প্ৰসাদৰ আকস্মিক দেহাৱসান

নিউজ ডেস্ক। ৰাজ্যৰ এগৰাকী শীৰ্ষ আমোলা ৰাজেশ প্ৰসাদৰ দেহাৱসান।

ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু ৰাজেশ প্ৰসাদৰ।

নগৰ উন্নয়ন পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব আছিল প্ৰসাদ।

গুৱাহাটীৰ স্বাগত হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় প্ৰসাদৰ।

G2 1
ৰাজ্যৰ শীৰ্ষ আমােলা ৰাজেশ প্ৰসাদৰ আকস্মিক দেহাৱসান 2

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৫২ বছৰ।

১৯৯৫ চনৰ অসম-নাগালেণ্ড কেডাৰৰ IAS বিষয়া আছিল ৰাজেশ প্ৰসাদ।

উল্লেখ্য যে প্ৰয়াস ৰাজেশ প্ৰসাদ এজন সুদক্ষ প্ৰশাসনিক বিষয়া, নিষ্ঠাবান আৰু মানৱদৰদী ব্যক্তি হিচাপে পৰিচিত আছিল ৷

ক’ভিড-১৯ ৰ উপৰি তেওঁ কেইবাটাও ৰোগত আক্ৰান্ত হৈ বিগত ২২ জুলাইৰ পৰা চিকিৎসাধীন হৈ আছিল বিষয়াজন।