ৰাজ্যৰ মাটি দালালৰ বিৰুদ্ধে অভিযানঃ আটক ৪৫০ৰো অধিক দালাল, তালিকাত আছে ৭০০জনৰ নাম…

মাটি দালালৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ।

ৰাজ্যৰ এইবাৰ আৰম্ভ হৈছে মাটি দালালৰ বিৰুদ্ধে অসম আৰক্ষীক অভিযান।

ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাত আকস্মিকভাৱে অভিযান চলাই আৰক্ষীয়ে এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিছে মুঠ ৪৫৩টা দালাল।

উল্লেখ্য যে গুৱাহাটী, কামৰূপ, নগাঁও, ধুবুৰী, হোজাই, ডিব্ৰুগড়, বঙাইগাঁও, যোৰহাট, হাজো, চামগুৰি, ৰূপহীহাট, গৌৰীপুৰ, গোৱালপাৰা আদিকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত মাজনিশা দালালৰ বিৰুদ্ধে অভিযান চলাইছিল আৰক্ষীয়ে।

কামৰূপ মহানগৰ জিলাত আটক কৰা হৈছে ২২ টা মাটিৰ দালালক।

কামৰূপ গ্ৰাম্য জিলাত আটক কৰা হৈছে ৫২ টা দালালক।

নলবাৰীত সাংবাদিকসহ আটক ২০ টা মাটিৰ দালাল।

ডিব্ৰুগড়ত আটক কৰা হৈছে ১৮ টা দালালক।

বৰপেটাত আটক হৈছে ৬ টা মটিৰ দালাল।

একেদৰে বঙাইগাঁৱত ১৪ টা আৰু যোৰহাটত ৯ টা দালালক নিশাই আটক কৰা হৈছে।

লখিমপুৰত ১৩ টা, ধুবুৰীত ৮ টা, বিশ্বনাথত ১৪ টা দালালক আটক কৰিছে আৰক্ষীয়ে।

পাটাছাৰকুছি থানাত ১৮ টা মাটিৰ দালালক সোধা-পোছা।

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে আৰক্ষীয়ে এই অভিযান চলাইছে।

জানিব পৰা মতে প্ৰায় ৭০০ জনৰ নাম আছে দালালৰ তালিকাত।

এই দালালসকলৰ ভিতৰত আছে কেইবাজনো ৰাজনৈতিক নেতা তথা বহু ৰাজনৈতিক নেতাৰ ঘনিষ্ঠ লোক।

বাকী থকা দালালকো আজি বিয়লি বেলালৈ আটক কৰা হব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে যোৱা নিশা ৪৫০জনৰো অধিক দালালক আটক কৰা হৈছে। প্ৰায় ৭০০ জনৰ নাম আছে তালিকাত৷ আজি আবেলিৰ ভিতৰত সকলোকে আটক কৰা হ’ব। দালালসকলক জনমানসত উলিয়াই আনিব লাগিব৷ জন্মৰ প্ৰমাণপত্ৰ, মৃত্যুৰ প্ৰমাণপত্ৰ উলিওৱাৰ নামতো দালালে পইচা লয়৷ সকলো আঁতৰ কৰিব লাগিব৷ অন্যথা অসম কেতিয়াও দেশৰ ভিতৰত উন্নত ৰাজ্য হ’ব নোৱাৰে।

Leave a Comment